...

বিশিষ্ট পিয়ানো একৰ্ডিয়ান, সুৰকাৰ ভৱেশ গোস্বামীক স্মৰণ

বিশিষ্ট পিয়ানো একৰ্ডিয়ান, সুৰকাৰ ভৱেশ গোস্বামীক স্মৰণ

চাইন অন ডেস্ক,২৪আগষ্টঃ

অসমীয়া সংগীত জগতৰ এগৰাকী বিশিষ্ট শিল্পী পিয়ানো একৰ্ডিয়ান বাদক তথা সুৰকাৰ ভৱেশ গোস্বামী [টুটুদা]ক দেওবাৰে স্মৰণ কৰে ডিব্ৰুগড় মহানগৰৰ শিল্পী সকলে৷ ১৯৪৭ চনৰ ২৩ আগষ্টত তেজপুৰত জন্মগ্ৰহণ কৰা এই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে ‘সংকল্প-এক চিৰন্তন যাত্ৰা’ নামৰ সমাজ-সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠানৰ উদ্যোগত স্থানীয় জ্ঞানদায়িনী মন্দিৰ প্ৰাংগণত সন্ধিয়া আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট সংগীত শিল্পী ৰাজেন গোহাঁই, সুৰকাৰ-গীতিকাৰ হীৰেন গোহাঁই, গীতিকাৰ সত্যেন শৰ্মা, শৈলেন দত্ত আৰু সাংস্কৃতিক কৰ্মী তথা গায়ক সুৰেশ হাতীমুৰীয়াই৷ আয়োজক অনুষ্ঠানটিৰ অধ্যক্ষ লীনা গোস্বামী আৰু ড॰ জ্যোতিস্মিতা দত্তই আঁতধৰা অনুষ্ঠানত অৰ্পণা দাসে এটি মংগলাচৰণ পৰিৱেশন পৰিৱেশন কৰাৰ পিছতেই আকাশবাণীৰ স্বীকৃত কন্ঠশিল্পী ড॰ অদিতি বৰুৱা, জুপিতৰা কাকতি, জুপিতৰা বুজৰবৰুৱা বৰঠাকুৰ, দুলেন দত্ত, অৰ্পণা দাস, ডলী গগৈ বৰুৱা আদিয়ে প্ৰয়াত শিল্পী গৰাকীৰ দ্বাৰা সুৰাৰোপিত গীত পৰিৱেশন কৰে৷ আনহাতে শিল্পীগৰাকীৰ স’তে একালৰ সহকৰ্মী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত কৰ্মসূত্ৰে লাভ কৰা সান্নিধ্য আৰু স্মৃতিৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়াই হীৰেণ গোহাঁয়ে কয় যে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰায় ৯৫ শতাংশ আধুনিক গীতেই বাণীবদ্ধ কৰিছিল প্ৰয়াত ভৱেশ গোস্বামীয়ে৷ আনহাতে সহকৰ্মী ৰাজেন গোহাঁই, ভূপেন গগৈ, সত্যেন শৰ্মা, শৈলেন দত্ত, সুৰেশ হাতীমুৰীয়া, ত্ৰিৱেণী দাস গগৈ, শিল্পী পৰী বৰদলৈ, কানৈ কলেজৰ অধ্যাপক ড॰ মৃদুল শৰ্মা, ৰূপজ্যোতি দুৱৰা, ব্ৰজেন পাঠক, সুৰকাৰ বকুল দাস আদিয়েও প্ৰয়াত শিল্পী গৰাকীৰ সান্নিধ্য সম্পৰ্কত বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত শিল্পী গৰাকীৰ সম্পৰ্কত এখনি তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *