চৰাইদেউৰ বানপীড়িত ৰাইজৰ ৪ নামঘৰলৈ সোণোৱাল কছাৰী সাহিত্য সভাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান
চাইন অন ডেস্ক,২৪ আগষ্টঃ
বানত বিধ্বস্ত হোৱা চৰাইদেউ জিলাৰ চিংল’পথাৰ আৰু কলিয়ামাটি অঞ্চলৰ বিভিন্ন সামাজিক অনুষ্ঠানত সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত দেওবাৰে আৰ্থিক সাহায্য বিতৰণ কৰাৰ লগতে একোখনকৈ সজাগতা সভাও অনুষ্ঠিত কৰা হয়৷ সোণোৱাল সাহিত্য সভাৰ এই পদক্ষেপৰ জৰিয়তে উক্ত বানপীড়িত অঞ্চলসমূহৰ সামাজিক অনুষ্ঠান বিশেষকৈ চাৰিটাকৈ নামঘৰৰ প্ৰয়োজনীয় মেৰামতি তথা¸ চাফচিকুণৰ বাবে গাইপতি দহ হেজাৰকৈ মুঠ চল্লিশ হেজাৰ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চে’ক আগবঢ়োৱাৰ লগতে বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু সজাগতাৰ সন্দৰ্ভত স্থানীয় ৰাইজৰ উপস্থিতিত একোখনকৈ ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয়৷ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত সভাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড॰ লব ৰাম সোণোৱাল, মুখ্য সম্পাদক মৃদুল সোণোৱাল, সাংগঠনিক সম্পাদক নেত্ৰ বড়া, দ্ৰো¸ৰ্ণ বড়া, প্ৰচাৰ সম্পাদক হেমচন্দ্ৰ কছাৰী, কাৰ্যনিৰ্বাহক সদস্য পূৰ্ণ কান্ত হাজৰিকা, শিৱ সোণোৱাল, সম্ৰাট সোণোৱাল, লোচন সোণোৱাল আৰু সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সদস্য জয়ন্ত সোণোৱাল, পৱিত্ৰ ঢেকিয়াল, প্ৰণৱ জ্যোতি সোণোৱাল উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তোলে৷