...

ভাৰতীয় কিষাণ সংঘৰ বৰবৰুৱা খণ্ড সমিতি গঠন

ভাৰতীয় কিষাণ সংঘৰ বৰবৰুৱা খণ্ড সমিতি গঠন

চাইন অন ডেস্ক,২৩আগষ্ট:

যুৱপ্ৰজন্ম তথা কৃষক সকলৰ উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ মানসেৰে শুক্ৰবাৰে বৰবৰুৱাত ভাৰতীয় কিষাণ সংঘ ডিব্ৰুগড় জিলা সমিতিৰ তত্ত্বাৱধানত বৰবৰুৱা খণ্ডৰ এক ২১ জনীয়া সমিতি গঠন হয়।ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি লখিমপুৰ জিলাৰ ভাৰতীয় কৃষাণ সংঘৰ বিভাগ সংগঠন মন্ত্ৰী বিকাশ কলিতা উপস্থিত থকা সমিতি গঠন অনুষ্ঠানত ভূপেন ডেকাবৰুৱাক সভাপতি, পোনেশ্বৰ গগৈ আৰু ৰাজীৱ দাসক উপসভাপতি, দিলীপ শৰ্মাক সম্পাদক, হেমন্ত সোনোৱালক যুৱ বাহিনী প্ৰমূখ, প্ৰণৱ সোনোৱালক জৈৱিক কৃষি প্ৰমূখ, মনোজ পাত্ৰক কাৰ্য্যালয় প্ৰমূখ, দয়ানন্দ গগৈ আৰু সুৰজ ৰাজভাৰক প্ৰচাৰ প্ৰমুখ, শিৱনাথ মিচংক পশুপালন প্ৰমূখ, নিপন সোনোৱালক বীজ প্ৰমূখ হিচাৱে নিৰ্বাচিত কৰে। এই সভাত ভাৰতীয় কিষাণ সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি উপেন কলিতা,সম্পাদক বিপুল গগৈ আৰু ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ প্ৰমূখ মহানন্দ দত্ত উপস্থিত থাকে। উল্লেখযোগ্য যে সংঘৰ ডিব্ৰুগড় জিলা সমিতি গঠন হোৱাৰ এমাহৰ ভিতৰত বান বিধস্ত অঞ্চলত কঠিয়া বিতৰণকে ধৰি বহু কাৰ্যসূচী সংগঠনটোৱে হাতত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *