...

এ এম চি এইছত দেশৰ ১৫ সংখ্যক ‘ৰেয়াৰ ডিজিছ’ৰ কেন্দ্ৰ মুকলি

এ এম চি এইছত দেশৰ ১৫ সংখ্যক ‘ৰেয়াৰ ডিজিছ’ৰ কেন্দ্ৰ মুকলি

চলিত বৰ্ষত নিৰ্মাণ সম্পুৰ্ণ হ’ব অত্যাধুনিক লেবৰেটৰী

চাইন অন ডেস্ক,২২আগষ্টঃ

ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ এন পি আৰ ডি ২০২০-২০২১ আঁচনিৰ অধীনত আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ‘চেন্টাৰ অৱ এক্সিলেঞ্চ ফৰ ৰেয়াৰ ডিজিছ’ৰ এটি কেন্দ্ৰ শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে এছ এছ চি বিল্ডিঙৰ প্ৰথম মহলাত ‘পেচেন্ট এৱাৰনেছ এণ্ড ট্ৰিটমেন্ট ইনিচিয়েটিভ ডে’ত সাংবাদিক তথা ৰাইজক সম্বোধি চিকিৎসানুষ্ঠানটিৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে কয় যে সমগ্ৰ দেশৰ ভিতৰত এই কেন্দ্ৰটি হৈছে পোন্ধৰ সংখ্যক কেন্দ্ৰ৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মণিপুৰত থকা কেন্দ্ৰটোৰ পিছতে অসম চিকিৎসা মহাবিদ্যালয় হৈছে দেশৰ শেষৰটো কেন্দ্ৰ৷ ইয়াৰ দ্বাৰা অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ ‘ৰেয়াৰ ডিজিছ’ৰ ৰোগীসকল বিশেষভাৱে উপকৃত হ’ব৷ কেন্দ্ৰটোৰ কাম-কাজ আৰু লক্ষ্য-উদ্দেশ্যৰ সম্পৰ্কত ব্যাখ্যা কৰি ডাঃ কাকতিয়ে কয় যে ‘ৰেয়াৰ ডিজিছ’ হৈছে প্ৰতি এক লাখ শিশুৰ জন্মৰ বিপৰীতে যদি এজনতকৈ কম ৰোগী থাকে তেন্তে সেইখিনি ‘ৰেয়াৰ ডিজিছ’ৰ অন্তৰ্ভুক্ত বুলি কোৱা হয়৷ ভাৰতবৰ্ষত বিশাল জনসংখ্যাৰ বিপৰীতে এই ৰোগীৰ সংখ্যা লাখৰো অধিক হ’ব৷ এই সংখ্যা দিনক দিনে বৃদ্ধি পাই গৈ থাকিব৷ ব্যক্তি হিচাপে প্ৰত্যেক জন লোকৰে যিহেতু চিকিৎসা লাভ কৰাৰ অধিকাৰ থাকে; সেয়ে এই শ্ৰেণীভুক্ত ৰোগৰ ৰোগীসকল বংশগত আৰু যাৰ পৰিয়ালত এই ৰোগটো আছে সেয়া বেলেগ বেলেগ বয়সত বেলেগ বেলেগ ৰোগত দেখা যায়৷ সৰহ সংখ্যক ৰোগী শিশু অৱস্থাতে আৰম্ভ হয়৷ আনকি মাতৃৰ গৰ্ভাৱস্থাতো সন্তান এই ৰোগত আক্ৰান্ত হ’ব পাৰে৷ স্নায়ুতন্ত্ৰ, লিভাৰ, ৰক্ত ইত্যাদি এশৰো অধিক শৰীৰৰ অংগ-প্ৰত্যংগত এই ৰোগ হ’ব পাৰে বাবে ৰোগৰ চিকিৎসাও ভিন্ন হ’ব পাৰে৷ শেহতীয়াকৈ ইয়াৰে কিছুসংখ্যক ৰোগৰ ঔষধ আৱিষ্কাৰ হৈছে যদিও ই অত্যন্ত খৰছী৷ ইয়াৰে বহু ৰোগৰে চিকিৎসাৰ সময় এক দশক বা জীৱনজোৰাও হ’ব পাৰে৷ এইসকল ৰোগীৰ বাবে চৰকাৰে গ্ৰহণ কৰা চিকিৎসা ব্যৱস্থা কেন্দ্ৰটোৰ অধীনত ৰোগী হিচাপে চিহ্নিত প্ৰতি গৰাকী ৰোগীয়ে ৫০ লাখ টকাপৰ্যন্ত ঔষধ লাভ কৰিব বুলিও ডাঃ কাকতিয়ে জানিবলৈ দিয়ে৷ সেয়ে এইক্ষেত্ৰত ডাঃ কাকতিয়ে বিশেষকৈ শিশু সকলৰ অভিভাৱকক এনে ৰোগত আক্ৰান্ত বুলি সন্দেহ কৰা শিশুক অতি শীঘ্ৰে নিকট চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আহ্বান জনায়৷ অৱশ্যে এই ৰোগত আক্ৰান্ত হোৱাৰ পূৰ্বে কৰিবলগীয়া চিকিৎসা সম্পৰ্কীয় পৰীক্ষাসমূহৰ খৰচ সম্প্ৰতি উক্ত ৫০ লাখ টকাৰ ভিতৰত অন্তৰ্ভুক্ত নহ’ব বুলিও ডাঃ কাকতিয়ে স্পষ্ট কৰি দিয়ে৷ আজিৰ এই দিনটো সকলোৰে বাবে এক মাইলৰ খুঁটি হৈ ৰ’ব বুলিও উল্লেখ কৰি ডাঃ কাকতিয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত তিনিবাৰকৈ কৰা আবেদন আৰু পৰিদৰ্শনৰ অন্তত এই কেন্দ্ৰ লাভ কৰাৰ বাবে ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে৷ আজিৰ অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ ত্ৰিপুৰা, গুৱাহাটী, তেজপুৰ, নগাঁও, তিনচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী ইতিপূৰ্বে এই ৰোগত আক্ৰান্ত ৰোগীক উক্ত আঁচনিৰ অধীনত আনুষ্ঠানিকভাৱে ছয়মাহৰ বাবে প্ৰয়োজনীয় ঔষধ বিতৰণ কৰা হয়৷ আনহাতে এই ৰোগ চিহ্নিত কৰিব পৰাকৈ পাঁচ কোটি টকাৰ প্ৰয়োজনীয় এটা অত্যাধুনিক লেবৰেটৰীৰ নিৰ্মাণৰ কাম চলিত বৰ্ষতে সমাপ্ত হ’ব বুলিও অধ্যক্ষ কাকতিয়ে জানিবলৈ দিয়ে৷ এই ৰোগত আক্ৰান্ত বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে ‘ৰেয়াৰ ডিজিচ’ত ভোগা ৰোগীসকলৰ প্ৰতি পূৰ্বে চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল যদিও অসম চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষই আমাৰ বাবে যি কৰিছে তাৰ ভাষা নাই৷ আমাৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল৷ অনুষ্ঠানত এএমচিএইছৰ উপাধ্যক্ষ ডাঃ ৰীমা নাথ, নিউৰ’লজি বিভাগৰ মুৰব্বী অধ্যাপক বিনোদ শৰ্মা, কেন্দ্ৰটোৰ ন’ডেল অফিচাৰ তথা মেডিচিন বিভাগৰ অধ্যাপক ডাঃ অনুপম দত্ত, শিশুৰোগ বিভাগৰ মুৰব্বী অধ্যাপক অৰ্পিতা গগৈ, চাৰ্জাৰী বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ ছাজিদ আহমেদ, পেথ’লজি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণীতা মেধি, ৰেডিঅ’লজি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ প্ৰণামী বৰাকে ধৰি কৰ্মচাৰী, চিকিৎসক আৰু ৰোগীসকলৰ পৰিয়ালবৰ্গ উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *