মজুৰি বৃদ্ধিৰ দাবীত এ.এম.চি.এইচ.-ত ঠিকাভিত্তিক কৰ্মীৰ প্ৰতিবাদ
চাইন অন ডেস্ক,২২আগষ্ট:
মজুৰি বৃদ্ধি আৰু সময়মতে দৰমহা দিয়াৰ দাবীত শুক্ৰবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত (এ.এম.চি.এইচ.) শ শ চতুৰ্থ শ্ৰেণীৰ ঠিকাভিত্তিক কৰ্মীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
ঠিকাদাৰৰ জৰিয়তে নিয়োজিত প্ৰতিবাদকাৰী কৰ্মীসকলে জনায় যে নিৰাপত্তাৰক্ষী, চাফাই কৰ্মী, ৱাৰ্ড বয় আৰু অন্যান্য সহায়ক কৰ্মীসহ ২৩৫ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক বৰ্তমান 

অসমৰ অন্যতম প্ৰধান চিকিৎসা প্ৰতিষ্ঠানখনত অত্যাৱশ্যকীয় সেৱা আগবঢ়োৱাৰ পিছতো কম মজুৰি আৰু অনিয়মীয়া দৰমহাৰ বাবে তেওঁলোকে আৰ্থিক অনাতনৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি কৰ্মীসকলে অভিযোগ উত্থাপন কৰে।
বিভিন্ন শ্লোগান দি কৰ্মচাৰীসকলে হাস্পতাল কৰ্তৃপক্ষ আৰু ঠিকাদাৰসকলক অতি সোনকালে এই সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায়। তেওঁলোকৰ দাবীসমূহৰ ভিতৰত আছিল মজুৰি পৰ্যাপ্ত পৰিমাণে বৃদ্ধি কৰা, নিয়মীয়া আৰু সময়মতে দৰমহা দিয়া আৰু মৌলিক সুবিধা তথা লাভালাভ প্ৰদান কৰা।

এগৰাকী প্ৰতিবাদকাৰী কৰ্মীয়ে কয়, “এই হাস্পতালখন চলাই ৰাখিবলৈ আমি দৈনিক কাম কৰোঁ, কিন্তু আমাক জীয়াই থাকিবলৈ অতি
প্ৰতিবাদকাৰীসকলে এ.এম.চি.এইচ. কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰক তেওঁলোকৰ সমস্যাসমূহ জৰুৰীভাৱে পৰ্যালোচনা কৰিবলৈ আৰু মজুৰি তথা কৰ্মৰ পৰিৱেশ উন্নত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ আহ্বান জনায়।