...

দিবানৈশ ফুটবলৰ চুড়ান্ত খেলত গৰৈমাৰী ৰাইন’ছ ছেম্পিয়ন

দিবানৈশ ফুটবলৰ চুড়ান্ত খেলত গৰৈমাৰী ৰাইন’ছ ছেম্পিয়ন

নগৰবেৰা,২০ আগষ্ট:

কামৰূপৰ ছমৰীয়া সমষ্টিৰ ৰঙ্গেশ্বৰীত স্থানীয় মুকুতা ক্লাৱৰ উদ্যোগত আয়োজন কৰা দিবা-নৈশ প্ৰাইজমানী ৬ জনীয়া ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনৰ যোৱানিশা সামৰণি পৰে।উল্লেখ্য যে প্ৰতিযোগিতাত প্ৰায় ৪০টা দলে অংশগ্ৰহণ কৰে। যোৱা নিশা অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ বহু প্ৰত্যাশিত চূড়ান্ত খেলখন।চূড়ান্ত খেলত মুখামুখি হয় গৰৈমাৰী ৰাইন’চ আৰু পদুপাৰা এফ চি। তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত দুপৰ নিশালৈ ধাৰাষাৰ বৰষুণৰ মাজতো হাজাৰ হাজাৰ ক্ৰীড়াপ্ৰেমী ৰাইজে খেল উপভোগ কৰে।
অৱশেষত গৰৈমাৰী ৰাইন’চে ৩-১ গ’লৰ ব্যৱধানত পদুপাৰা এফ চি’ক পৰাস্ত কৰি চেম্পিয়ন খিতাপ অৰ্জন কৰে।খেলৰ অন্তত অনুষ্ঠিত হয় বঁটা বিতৰণী সভা। ৰানাৰ্ছ-আপ দলক ৭ হাজাৰ ১ টকা আৰু চেম্পিয়ন দলক ১০ হাজাৰ ১ টকাৰ লগতে ট্ৰফী প্ৰদান কৰা হয়।স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজৰ ব্যাপক সঁহাৰি আৰু অংশগ্ৰহণেৰে সফলভাৱে সামৰণি পৰে এই দিবা-নৈশ ফুটবল প্ৰতিযোগিতাখন।

Leave a Reply

Your email address will not be published. Required fields are marked *