কানৈ মহাবিদ্যালয়ত বিশ্ব ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি ফটোগ্ৰাফী কৰ্মশালা
ফটোগ্রাফী হ’ল পৃথিৱী সলনি কৰিব পৰা এক শক্তিশালী মাধ্যম : অধ্যক্ষ ড° শইকীয়া
চাইন অন ডেস্ক,১৯ আগষ্ট:
ফটোগ্রাফী হ’ল পৃথিৱী সলনি কৰিব পৰা এক শক্তিশালী মাধ্যম। কিন্তু ফটোগ্রাফীত সঠিক দৃষ্টিভংগীৰ প্রয়োজন। দৃষ্টিভংগী যেতিয়া শুদ্ধ আৰু সত্য হ’ব, তেতিয়াই পৃথিৱীখন সুন্দৰ হ’ব। আত্মিকভাৱে সকলোকে ভালপোৱাৰ তাড়ণাই পৃথিৱীখনক ভালপাবলৈ শিকায়। ঐতিহ্যমণ্ডিত ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ক্ৰীড়া আৰু সাংস্কৃতিক ব’ৰ্ডৰ উদ্যোগত বিশ্ব ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা দুদিনীয়া কৰ্মশালাৰ প্ৰথম দিনাৰ উদ্বোধনী অনুষ্ঠানত অধ্যক্ষ ড° শশীকান্ত শইকীয়াই আজি এইদৰে কয়। অধ্যক্ষগৰাকীয়ে কয়— বৰ্তমান যুৱ প্ৰজন্মই এক ‘বিণ্ডাছ লাইফ’ কটাব বিচাৰি নিজৰ জীৱনৰ কথা চিন্তা নকৰে। যাৰ ফলশ্ৰুতিত খুৱ কম বয়সতে বহু যুৱক যুৱতীৰ জীৱন ধ্বংস হৈ যায়। তেওঁ কয়— এখন ফটো সমগ্ৰহৰ ক্ষেত্ৰত হৃদয়ৰ জ্ঞান আৰু সংবেদনশীলতাৰ লগতে ধৈৰ্য
আৰু গভীৰ সাধনাৰ প্ৰয়োজন হয়। ফটোগ্রাফী সম্পৰ্কত উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে নিজৰ জীৱনৰ পছিশ-ত্ৰিশ বছৰীয়া অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় বিগত ত্রিশ বছৰে বাতৰি কাকতত নিয়মীয়া স্তম্ভ লিখিও যিদৰে সন্তুষ্ট হ’ব পৰা নাই, ঠিক তেনেদৰে এজন ফটোগ্ৰাফাৰেও নিয়মীত ফটো সংগ্ৰহ কৰিও নিজকে সন্তুষ্ট কৰিব নোৱাৰে। অধ্যাপিকা ড° তৃষ্ণা দুৱৰা কলিতাই আঁত ধৰা অনুষ্ঠানটিত তেওঁ কয়— এজন ফটোগ্ৰাফাৰে ফটো সংগ্ৰহ কৰি যেতিয়ালৈকে অসন্তুষ্ট হৈ থাকে, তেতিয়ালৈকে ভালৰো ভাল ফটো সংগ্ৰহ হৈ থাকে আৰু ফটোগ্ৰাফাৰ্জনো আগবাঢ়ি গৈ থাকে। অধ্যক্ষ ড° শইকীয়াই কয় চৌপাশৰ পৃথিৱী, মানুহৰ ছবি, মানুহৰ হাঁহি-কান্দোন, জীৱনৰ ছন্দ সকলোতে একো একোটা গল্প লুকাই থাকে। সেই গল্পটো অংকণ কৰিব পৰাজনেই প্রকৃত ফটোগ্ৰাফাৰ। ফটোগ্রাফী পৃথিৱীৰ সাৰ্ব্বজনীন ভাষা বুলি উল্লেখ কৰি তেওঁ কয়— ফটোগ্রাফী হয়তো হ’ব ভৱিষ্যতৰ একমাত্ৰ ভাষা । এখন ফটোৱে বিশ্ব কঁপাই তুলিব পাৰে। এই প্ৰসংগত ছুডানৰ দুৰ্ভিক্ষৰ সময়ত দক্ষিণ আফ্ৰিকাৰ কেভিন
কার্টাৰে তোলা ফটোখনৰ প্ৰভাৱ সম্পৰ্কত উল্লেখ কৰি কয়— এখন ফটো গ্ৰহণৰ সময়ত ফটোগ্ৰাফাৰ্জনৰ বাবে প্রয়োজন হয় এখন মানৱীয় হৃদয়। তেওঁ কয়— এজন ফটোগ্ৰাফাৰৰ সফলতা কেৱল এখন ডাঙৰ ফটো তোলাতেই সীমাবদ্ধ নহয়, কেমেৰাৰ লেন্সৰ সিপাৰে থকা জীৱনৰ মানৱীয় সংবেদনশীলতা আৰু দায়বদ্ধতা অক্ষুন্ন ৰখাতো ফটোগ্ৰাফাৰৰ আচল লক্ষ্য হোৱা উচিত । কর্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি হিমাদ্রী ভূঞাই ছাত্ৰ-ছাত্ৰীসকলক ফটোগ্ৰাফীৰ বিভিন্ন দিশ সম্পৰ্কত অৱগত কৰাৰ লগতে ফটোগ্ৰাফীৰ বিভিন্ন কাৰিকৰী দিশসমূহ দেখুৱায়। গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত অধ্যাপিকা ড° মৰ্মী তালুকদাৰ, অধ্যাপক ড° অমিতাভ দলেকে প্ৰমুখ্য কৰি মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীৰ লগতে শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে।