জে.কে. বৰুৱা আন্ত জিলা ক্ৰিকেট
ইনিংছ ব্যৱধানত জয়ী ডিব্ৰুগড় জিলা
চাইন অন ডেস্ক,১৯আগষ্ট:
অসম ক্ৰিকেট সন্থাৰ জেকে বৰুৱা ১৯ বছৰৰ অনুৰ্দ্ধ আন্ত: জিলা ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ডিব্ৰুগড় জিলা দলে নাহৰকটীয়াৰ বিৰুদ্ধে এক ইনিংছ আৰু ১১৭ ৰাণত জয়ী হয়। দুদিনীয়া খেলখনৰ আজি অন্তিম দিনা ডিব্ৰুগড় জিলাৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে নাহৰকটীয়া দলে। কালি ডিব্ৰুগড় জিলা দলে নিজৰ প্ৰথম ইনিংছত ৮ উইকেট হেৰুৱাই ২৮০ ৰাণ কৰি ইনিংছ ঘোষণা কৰিছিল। ইফালে, কালি খেল শেষ হোৱালৈকে নাহৰকটীয়া দলে নিজৰ প্ৰথম ইনিংছত তিনিটা উইকেট হেৰুৱাই ২৯ ৰাণ কৰিছিল। আজি নাহৰকটীয়া দলে খেল আৰম্ভ কৰি প্ৰথম ইনিংছত সকলো উইকেট হেৰুৱাই মাত্ৰ ৬৭ ৰাণ কৰাত ফল’অন কৰিব লগা হয়। ডিব্ৰুগড় জিলা দলৰ হৈ আব্বাছ আলীয়ে ৪ টা উইকেট লাভ কৰে। ইয়াৰ পিছতে নাহৰকটীয়া দলে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি ৯৬ ৰাণত সকলো উইকেট হেৰুৱাই ইনিংছ ব্যৱধানত পৰাজিত হয়। ডিব্ৰুগড় জিলা দলৰ হৈ অভিষেক যাদৱে ৭ টা উইকেট লাভ কৰে। নাহৰকটীয়া দলৰ হৈ সৰ্বাধিক ২৩ ৰাণ কৰে। ইনিংছ ব্যৱধানত জয়ী হৈ ডিব্ৰুগড় জিলাই ৭ পইণ্ট লাভ কৰে।