...

গোলকগঞ্জৰ ৰাইজৰ হাতত আটক ‘গাভাইত’ চোৰ

গোলকগঞ্জৰ ৰাইজৰ হাতত আটক ‘গাভাইত’ চোৰ

আগমনি,১৮আগষ্ট:

গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত মটেৰঝাৰ বজাৰত আজি মাজ নিশা এখন গহনাৰ দোকানত চুৰি কৰোতে এজন দুৰ্ধৰ্ষ চোৰক ৰাইজে হাতেলুঠে আটক কৰে। আটকাধীন চোৰজনৰ নাম মালেক শ্বেখ ওৰফে বান্ঠা। জানিব পৰা মতে, মাজ নিশা প্ৰায় দুই বজাত মটেৰঝাৰ বজাৰৰ ভাগ্যময়ী জুয়েলাৰ্চ নামৰ গহনাৰ দোকানৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। চুৰি কৰাৰ সময়তে দোকানৰ কাষত থকা কেইজনমান লোকে চিঞৰ-বাখৰ কৰাত আশে-পাশে থকা ৰাইজ একত্ৰিত হয়। ৰাইজে তৎক্ষণাত চোৰজনক খেদি গৈ আটক কৰে। পৰৱৰ্তী সময়ত গোলকগঞ্জ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আটক কৰা চোৰক গোলকগঞ্জ আৰক্ষী থানালৈ নিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *