...

মিছামাৰীত আৰক্ষীৰ সুৰা বিৰোধী অভিযান

মিছামাৰীত আৰক্ষীৰ সুৰা বিৰোধী অভিযান

দেশীয় সুৰা – চুলাই অনিষ্ট, নেপালী বস্তি আৰু নবিল পথাৰ গাঁৱত ২ কাৰ্টুন বিলাতী সুৰা জব্দ

মিছামাৰী,১৮আগষ্টঃ

ৰাজ্যখনত ব্যাপক হাৰত গঢ়লৈ উঠা আৰু উঠি অহা প্ৰজন্মক ধ্বংসৰ দিশলৈ ঠেলি দিয়া দেশী বিদেশী সুৰা, গাঞ্জা, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে অভিযান চলাই থকাৰ দৰে মিছামাৰী থানাৰ আৰক্ষী মানৱজাতিৰ বৰবিহ স্বৰূপ সুৰা, গাঞ্জা, ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে নিচা জাতীয় দ্ৰব্য সমুহৰ বিৰুদ্ধে সময়ে সময়ে অভিযান চলোৱাৰ দৰে অঞ্চলটোৰ জীয়াগাভৰুৰ সোমবৰীয়া সাপ্তাহিক বজাৰ আৰু অঞ্চলটোৰ নেপালী বস্তি চেণ্টাৰত আৰু নবিল পথাৰ গাঁৱত অভিযান ৷ অভিযানকাৰী দলটোৱে বজাৰত শ শ লিটাৰ চুলাই, দেশীয় সুৰা অনিষ্ট কৰাৰ লগতে অঞ্চলটোৰ নেপালী বস্তি চেণ্টাৰ আৰু নবিল পথাৰ গাঁৱৰ এখন দোকানত অভিযান চলাই দুই কাৰ্টুন বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷কালি দিনৰ প্ৰায় দুই বজাত মিছামাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ভৰালীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটো সাপ্তাহিক বজাৰত প্ৰবেশ কৰাৰ লগেলগে বজাৰৰ কিনাৰে কিনাৰে ত্ৰিপালৰ চালি দি চুলাই, দেশীয় সুৰা বিক্ৰী কৰা পুৰুষ, মহিলা সকলে পলাই পত্ৰং দিয়ে ৷ আৰক্ষীৰ দলটো পাছত বটল, গেলান আদিত ভৰ্ত্তি কৰি বিক্ৰী কৰিবলৈ অনা সুৰা সমুহ মাটিত ঢালি অনিষ্ট কৰে ৷ আৰক্ষীৰ তথ্যমতে সাপ্তাহিক বজাৰত প্ৰায় আঢ়ৈশ লিটাৰ চুলাই আৰু দেশীয় সুৰা অনিষ্ট কৰে ৷ ইয়াৰ পাছতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে অঞ্চলটোৰ নেপালী বস্তি চেণ্টাৰত অভিযান চলাই এখন দোকানৰ পৰা দুই কাৰ্টুন বিলাতী সুৰা জব্দ কৰাৰ উপৰি নবিল পথাৰ গাঁৱৰ এখন দোকানত অভিযান চলাই বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য মতে আৰক্ষীয়ে জব্দ কৰা বিলাতী সুৰাৰ মূল্য প্ৰায় ২০ হাজাৰ টকা হ’ব বুলি জানিবলৈ দিছে ৷ সুৰা বিৰোধী অভিযান চলোৱাৰ আৰক্ষীৰ পদক্ষেপক অঞ্চলটোৰ ৰাইজে প্ৰশংসা কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *