...

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’ব চতুৰ্থ বাৰ্ষিক কৃষ্ণৰ ৰাসলীলা

ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’ব চতুৰ্থ বাৰ্ষিক কৃষ্ণৰ ৰাসলীলা

১০ লাখ টকাৰ বাজেট- প্ৰস্তুতি তুংগত

চাইন অন ডেস্ক,১৭আগষ্ট:

শৰৎকালৰ পূৰ্ণিমা তিথিত ভগৱান শ্ৰীকৃষ্ণই বাঁহীৰ সুৰেৰে গোপীসকলক আকৰ্ষিত কৰাৰ পৌৰাণিক কাহিনীক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত এইবাৰো ডিব্ৰুগড় সত্ৰীয়া কলা কৃষ্টিৰ কেন্দ্ৰৰ উদ্যোগ চতুৰ্থ বাৰ্ষিক দুদিনীয়া বৰৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাস লীলা অনুষ্ঠিত হ’ব। ঐতিহাসিক চৌকিডিঙি খেলপথাৰত ২৩ আৰু ২৪ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই ৰাসভাগিৰ উদযাপন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভৱনত সমিতিৰ কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ সাংবাদিক, লেখক, নিবন্ধকাৰ চন্দন ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সমিতিৰ যুটীয়া সম্পাদক নীলোৎপল কোঁৱৰে।
সভাত ৰাসভাগিৰ বিভিন্ন দিশৰ ওপৰত বিতং আলোচনা হয়। ইয়াৰ ভিতৰত আছে – গোহাৰী পত্ৰ, অৰ্থ সংগ্ৰহৰ বহী প্ৰকাশ, কংসালয়ৰ প্ৰতিযোগিতা, দুদিনীয়া খাদ্যৰ ব্যৱস্থা, অতিথীৰ আদৰণি, সমাজৰ বিভিন্ন দিশত সেৱা আগবঢ়োৱা বিশিষ্ট ব্যক্তিক বিশেষ সম্বৰ্ধনা, ৰাসৰ পেণ্ডেল নিৰ্মাণ, স্মৃতি গ্ৰন্থ বা আলোচনী প্ৰকাশ আৰু অতিথিৰূপে অহা বিশিষ্ট ব্যক্তিৰ আপ্যায়ন আদি।
সভাত অংশগ্ৰহণ কৰি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা লেখক ড০ শশীকান্ত শইকীয়াই ৰাসভাগি যাতে বিদেশৰ পৰা অহা লোকেয়ো পোনপটীয়াকৈ চাব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰাৰ পৰামৰ্শ আগবঢ়ায়। লগতে তেওঁ ৰাসভাগি উপলক্ষে সভাপতি প্ৰশান্ত কুমাৰ বৰা আৰু সম্পাদক তথা সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰ সম্পাদনাত প্ৰকাশ হ’বলগীয়া স্মৃতিগ্ৰন্থৰ বাবে ৩০ হাজাৰ টকা অনুদান আগবঢ়োৱা বুলি ৰাজহুৱাকৈ ঘোষণা কৰে।
উদযাপন সমিতিৰ বিত্তীয় সম্পাদক মন্টু জৈনে কয় যে, “এইবাৰ যিহেতু ৰাসভাগি বিস্তৃত ৰূপে হ’ব। গতিকে এইবাৰ পূৰ্বৰ তুলনাত বাজেট বৃদ্ধি কৰা হৈছে। দুই দিনৰ সম্পূৰ্ণ বাজেট হ’ব প্ৰায় দহ লাখ টকা।” সভাত উপস্থিত থকা অন্যতম উপদেষ্টা ডা: জয়ন্তমাধৱ চলিহাই পূৰ্বৰ অভিজ্ঞতা বিষয়ে সভাক অৱগত কৰে। সকলোৰে সক্ৰীয় সহযোগেই ৰাসৰ কৃতকাৰ্য হোৱা মুল অলংকাৰ বুলি উল্লেখ কৰে। আযোজক সমিতিৰ আন এজন সম্পাদক অমৃত কেডিয়াই ৰাসভাগি সৰ্বাত্মক প্ৰকাৰে সফল কৰাৰ কামনা কৰি প্ৰচাৰৰ বাবে উদযাপন সমিতিয়ে এখন সাংবাদিক সন্মিলন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়ে। বিশিষ্ট ব্যক্তি বিশ্বজিৎ গগৈয়ে ৰাসভাগি নিৰ্ধাৰিত সময়ত অনুষ্ঠিত কৰা, শিশুসকলৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে কলা-কুশলীসকলৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি বিশেষ দৃষ্টি দিয়াৰ বাবে সকলোকে অনুৰোধ জনায়। এই ক্ষেত্ৰত তেওঁ স্বেচ্ছাসেৱক নিয়োগ কৰিবলৈও সভাত আহ্বান জনায়। সভাত উপস্থিত থকা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা উপন্যাসিক ৰাতুল বুঢ়াগোহাঁই কয় যে, “ৰাসভাগিত আমি সকলোৱে সহযোগ দিয়াটো অত্যন্ত প্ৰয়োজন। কিয়নো অসমীয়া সংস্কৃতিৰ অন্য এক উৎপাদন ৰাস লীলাৰ ভাগি বিগত বছৰতকৈ সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। ৰাসভাগি অনুষ্ঠিত কৰাত ঠাইডোখৰ বেমেজালি দূৰ কৰিবলৈও উদযাপন সমিতিক পৰামৰ্শ দিয়ে।”
ইফালে উদযাপন সমিতিৰ অন্যতম যুটীয়া সম্পাদক তথা সত্ৰীয়া কলা-কৃষ্টিৰ কেন্দ্ৰৰ অধ্যাপক মোহন তামুলীয়ে ৰাসভাগিৰ সম্পূৰ্ণ পৰিকল্পনা আৰু বাজেটৰ সন্দৰ্ভত বিতংকৈ ব্যাখ্যা কৰি কয় যে, “চতুৰ্থ বাৰ্ষিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ভাগি অনুষ্ঠিত কৰাৰ বাবে আমি সকলোখিনি কৰিবলৈ প্ৰস্তুত। যিহেতু এই ৰাসভাগিত ডিব্ৰুগড়ৰ সন্মান জড়িত হৈ আছে। গতিকে প্ৰভু ভগৱন্তৰ আশীৰ্বাদেৰে আমি এইবাৰ দুদিনীয়া ৰাস অনুষ্ঠিত কৰিবলৈ সক্ষম হম।” সভাত উপ সভাপতি ত্ৰিদীপ স্বৰ্গীয়াৰী, সহকাৰী সম্পাদকত্ৰয় পুতুল বৰগোঁহাই, ৰীনা চেতিয়া গগৈ, যানী সোনোৱাল বুঢ়াগোহাঁই, সাংস্কৃতিক সম্পাদক ত্ৰিদিপ কোঁৱৰ, সহসাংস্কৃতিক সম্পাদক জুৰি দিহিংগীয়া , অতিথি সম্বৰ্ধনা সমিতিৰ সহ সম্পাদক তথ শিল্পী পপী দত্ত কলিতা, খাদ্যৰ উপ সমিতিৰ সহ সম্পাদক বৰ্ণালী বৰুৱা,গায়ক ৰতন গগৈ, সহকাৰী বিত্তীয় সম্পাদক হেমাৰাণী গগৈ, খাদ্য উপ সমিতিৰ অনন্ত সোনোৱাল, ডিব্ৰুগড় সাহিত্য সভাৰ সহসম্পাদক মিনাক্ষী দাস বৰুৱা আদিৰ লগতে বহু সংখ্যা সদস্য সকল উপস্থিত থাকে। শেষত সভাপতি আসনৰ পৰা চন্দন ফুকনে কয় যে- ভগৱান শ্ৰীকৃষ্ণ হৈছে জগত গুৰু । বিশ্ব ব্ৰক্ষ্মাণ্ডৰ ৰক্ষক। গতিকে এনে এজন জগত সৃষ্টি কৰতা আৰু পালন কৰা ভগৱানৰ মহিমা বা লীলাৰ স্পষ্ট হৈ পৰে এই ৰাসভাগিতে। কাৰণ আন লীলাত কৃষ্ণই ৰজা, যোদ্ধা, গুৰু। কিন্তু ৰাসত তেওঁ কেৱল প্ৰেমিক। ইয়াত কোনো যুদ্ধ নাই, কোনো উপদেশ নাই, কেৱল প্ৰেম , নৃত্য আৰু সংগীত আছে। সেইবাবেই ভক্ত সকলে ইয়াক আটাইতকৈ বেছি ভাল পায়। গতিকে সকলোৰে সক্ৰীয় সহযোগ কামনা কৰে।
ইয়াৰ পিছতে শলাগৰ শৰাই আগবঢ়াই সম্পাদক নীলোৎপল কোঁৱৰে। সভাত উপস্থিত থকা সকলো সদস্যই ৰাসভাগিক ঐতিহ্য আৰু সংস্কৃতিৰ এক বৃহৎ মিলনক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰে। সদৌ শেষত সভাপতিয়ে সভা ভংগ ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *