...

ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ ‘মজুৰি ক্ষতিপূৰণ’ আঁচনি’ৰ সফল ৰূপায়ন

ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ ‘মজুৰি ক্ষতিপূৰণ’ আঁচনি’ৰ সফল ৰূপায়ন

চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ জীৱনত ইতিবাচক পৰিৱৰ্তন
গৰ্ভৱতী মহিলালৈ আৰ্থিক সুৰক্ষা, পুষ্টি আৰু যতন

চাইন অন ডেস্ক,১৭আগষ্ট:

গৰ্ভাৱস্থাত দৈনিক মজুৰিৰ হানিৰ আশংকা দূৰ কৰি চাহ-বাগিচা অঞ্চলৰ মহিলাসকলক উন্নত পুষ্টি আৰু স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰ দ্বাৰা ২০১৮ চনৰ ১ অক্টোবৰত ৰাজ্যিক স্বাস্থ্য বাজেটৰ অধীনত “চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি” প্ৰৱৰ্তন কৰা হৈছিল। ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা আঁচনিখন নিষ্ঠা আৰু পৰিকল্পনাৰে ৰূপায়ণ কৰাৰ ফলত জিলাৰ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলৰ মাতৃস্বাস্থ্য আৰু আৰ্থ-সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।

এই আঁচনিৰ অধীনত চাহ-বাগিচাৰ যোগ্য প্ৰতিগৰাকী গৰ্ভৱতী মহিলাক প্ৰথম ত্ৰিমাসিকত ৩,০০০ টকা, ষষ্ঠ মাহত ৪,০০০ টকা, প্ৰতিষ্ঠানিক প্ৰসৱত ৪,০০০ টকা আৰু প্ৰসৱৰ ছয় সপ্তাহ পাছত ৪,০০০ টকাৰে চাৰিটা কিস্তিত মুঠ ১৫,০০০ টকাৰ আৰ্থিক সাহায্য “প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ পদ্ধতি”ৰ জৰিয়তে প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত গৰ্ভাৱস্থা আৰু প্ৰসৱোত্তৰ কালত যথাযথ পুষ্টি আৰু পৰিচৰ্যা গ্ৰহণ কৰাটো সম্ভৱ হৈছে। ২০১৮ চনত আঁচনিখন আৰম্ভ হোৱাৰ পৰা ২০২৬ চনৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে ডিব্ৰুগড় জিলাৰ ৫৫,৪১৫ গৰাকী চাহ-বাগিচাৰ গৰ্ভৱতী মহিলাক এই আঁচনিৰ অধীনত সৰ্বমুঠ ২৮,৯১,৭৪,৪০০ টকা মজুৰি ক্ষতিপূৰণ হিচাপে প্ৰদান কৰা হৈছে। স্বাভাৱিকতে, এই ধনৰাশিয়ে চাহ বাগিচা অঞ্চলৰ ৫৫,৪১৫ গৰাকী মহিলাক গৰ্ভাৱস্থাত ইতিমধ্যেই আৰ্থিক সুৰক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পুষ্টি আৰু স্বাস্থ্যৰ মান উন্নত কৰাত সহায় কৰিছে । আগন্তুক দিনতো চাহ- বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলা সকলৰ বাবে গৰ্ভাৱস্হাত পৰিপুষ্টি আৰু আৰ্থিক সকাহ নিশ্চিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ ধাৰা অব্যাহত থাকিব ।

উল্লেখযোগ্য যে, এই আঁচনিখনৰ সৰ্বাংগীণ ৰূপায়ণৰ বাবে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। স্বাস্থ্য খণ্ডৰ তত্বাৱধানত চাহ বাগিচাসমূহত বেংক একাউণ্ট খোলা অভিযান ৰূপায়ণ কৰা হৈছে। “মাদল অভিযান”ৰ অধীনতো বহু সংখ্যক একাউণ্ট খোলা হৈছে। আনহাতে, বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত বহু গৰ্ভৱতী মহিলাৰ আধাৰ কাৰ্ডৰ অনুপলব্ধতা পৰিলক্ষিত হোৱাত আধাৰ কাৰ্ডৰ অভাৱ দূৰ কৰিবলৈ স্থান বিশেষে আধাৰ নামভৰ্তি অভিযান চলোৱা হৈছে। তথাপি, নথি-পত্ৰৰ অভাৱত একাউণ্ট খুলিব নোৱাৰা পৰিস্থিত কোনো মহিলা যাতে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত নহয়, সেই উদ্দেশ্যে স্বামীৰ বৈধ বেংক একাউণ্টলৈ ধনৰাশি প্ৰদানৰ মানৱীয় সংশোধনী আঁচনিখনত অনা হৈছে।

প্ৰণিধানযোগ্য যে, আঁচনিখনৰ বিষয়ে হিতাধিকাৰীৰ মাজত সজাগতা সৃষ্টিৰ বাবেও ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বহুমুখী পদক্ষেপ গ্ৰহণ কৰা হৈছে। চাহ বাগিচাসমূহত স্বাস্থ্য কৰ্মীৰ দ্বাৰা নিয়মীয়াকৈ সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। চাহ বাগিচা কৰ্তৃপক্ষকো এই সজাগতা সভা সমূহৰ অংশীদাৰ কৰি আচঁনি খনৰ সফল ৰূপায়নত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। বাগিচা তথা চিকিৎসা কেন্দ্ৰ সমূহত আঁচনিৰ নিয়মাৱলী আৰু সুবিধা সম্বলিত হ’ৰ্ডিং আৰু বেনাৰ প্ৰদৰ্শন কৰা হৈছে আৰু সময়ে-সময়ে মাইকৰ যোগেদি ঘোষণা কৰি সজাগতা সৃষ্টি কৰা হৈছে। লগতে আশা -এ এন এম সকলৰ জৰিয়তে যোগ্য দম্পতীৰ তালিকাত নাম সন্নিবিষ্ট হোৱাৰ লগে-লগেই মহিলাসকলক বেংক একাউণ্ট খুলিবলৈ উদ্বুদ্ধ কৰা হৈছে, যাতে গৰ্ভধাৰণ কৰাৰ সময়তেই আৰ্থিক সাহায্য লাভত কোনো অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়। ১৮ বছৰ অনুৰ্দ্ধৰ সকলে এই আঁচনিৰ সুবিধাৰ বাবে অযোগ্য হোৱা বাবে, বিবাহ আৰু সন্তান জন্মৰ উপযুক্ত বয়সৰ বিষয়েও ব্যাপক সচেতনতা সৃষ্টি কৰা হৈছে।

আনহাতে, আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰিবলৈ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতাৰ সমান্তৰালকৈ নিৰীক্ষণ আৰু তত্বাৱধানৰ কাৰ্যসূচী ক্ষীপ্ৰ কৰা হৈছে। স্বাস্থ্য বিভাগৰ দলৰ দ্বাৰা সময়ে- সময়ে ক্ষেত্ৰ পৰিদৰ্শন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আঁচনি প্ৰৱন্ধন গোটৰ দ্বাৰা সকলো স্তৰত নিয়মীয়াকৈ পৰ্যালোচনা কৰি আচঁনি খনৰ সফল ৰূপায়নৰ বাবে খণ্ডসমূহক প্ৰয়োজনীয় দিক-নিৰ্দেশনা প্ৰদান কৰা হৈছে। সজাগতা,সময়োপযোগী কাৰ্যপন্হা আৰু সমন্বিত প্ৰচেষ্টাৰ ফলত আজি জিলাখনৰ চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলে মজুৰিৰ সমস্যা বা পুষ্টিৰ অভাৱত ভূগি সুস্থ মাতৃত্ব আৰু সুস্থ সন্তান জন্মৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা নাই। এনেদৰেই ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধানত “মজুৰি ক্ষতিপূৰণ আঁচনি” খনৰ সফল ৰূপায়ণ চাহ বাগিচাত কৰ্মৰত আৰু চাহ-বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলৰ বাবে এক আশীৰ্বাদ হিচাপে বিবেচিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *