ডিব্ৰুগড়ৰ শ্ৰীভাৰতী মহাবিদ্যালয়ত নবাগত আদৰণি আৰু বিদায়ী সভা
উপস্থিত সাহিত্যাচাৰ্য ডঃ কৰবী ডেকা হাজৰিকা
চাইন অন ডেস্ক,১৭আগষ্ট:
ডিব্ৰুগড়ৰ খলিহামাৰিস্হিত শ্ৰীভাৰতী মহাবিদ্যালয়ত পৰিৱেশ্য কলা বিভাগৰ নৱাগতা আদৰণি আৰু বিদায়ী সকলৰ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে শ্ৰীভাৰতী মহাবিদ্যালয়ৰ সঞ্চালক প্ৰধান চেনীৰাম বৰা আৰু পৰিৱেশ্য কলা বিভাগৰ সঞ্চালিকা তথা সাহিত্যাচাৰ্য ড০ কৰবী ডেকা হাজৰিকা।দুয়োগৰাকী ব্যক্তিয়ে নৱাগতা আৰু বিদায়ী সকলক উদ্দেশ্যি উৎসাহিত তথা সাৰুৱা ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি বন্তি প্ৰজ্বলন কৰে সাহিত্যাচাৰ্য ড০ কৰবী ডেকা হাজৰিকা আৰু চেনীৰাম বৰা। পৰিৱেশ্য কলাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী জুলী দত্তৰ কথা আৰু সুৰকাৰ তথা সংগীত শিল্পী ড০ চুমী ফুকনে সুৰ দিয়া এটি নৱাগতাৰ আদৰণি গীত পৰিৱেশন কৰে জয়শ্ৰী চাংকাকতি, হেমপ্ৰভা গঞ্জু, মনিষা মাউতে। পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিষয়ৰ শিক্ষয়িত্ৰী কৃষ্ণা পঙ্কজা আৰু সংগীত বিভাগৰ শিক্ষয়িত্ৰী ড০ চুমী ফুকন উপস্থিত থাকি সাৰুৱা ভাষণৰ লগতে নৃত্য,গীত মাতেৰে অনুষ্ঠানটি জীপাল কৰে। নৱাগতা সকলৰ স্ব-প্ৰতিভা প্ৰদৰ্শন আৰু বিদায়ী সকলৰ হৈ ক্ৰমে লিপিকা আৰু প্ৰণতি বৰাৰ আবেগিক মুহূৰ্ত আৰু গীত, মাত, অভিনয়ৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। শেষত জাতীয় সংগীতেৰে অনুষ্ঠান সামৰণি মাৰে ।
দুয়োগৰাকী ব্যক্তিয়ে নৱাগতা আৰু বিদায়ী সকলক উদ্দেশ্যি উৎসাহিত তথা সাৰুৱা ভাষণ প্ৰদান কৰে। সভাৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি
বন্তি প্ৰজ্বলন কৰে সাহিত্যাচাৰ্য ড০ কৰবী ডেকা হাজৰিকা আৰু চেনীৰাম বৰা। পৰিৱেশ্য কলাৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী জুলী দত্তৰ কথা আৰু সুৰকাৰ
তথা সংগীত শিল্পী ড০ চুমী ফুকনে সুৰ দিয়া এটি নৱাগতাৰ আদৰণি গীত পৰিৱেশন কৰে জয়শ্ৰী চাংকাকতি, হেমপ্ৰভা গঞ্জু, মনিষা মাউতে।
পৰিৱেশ্য কলা বিভাগৰ নৃত্য বিষয়ৰ শিক্ষয়িত্ৰী কৃষ্ণা পঙ্কজা আৰু সংগীত বিভাগৰ শিক্ষয়িত্ৰী ড০ চুমী ফুকন উপস্থিত থাকি সাৰুৱা ভাষণৰ লগতে
নৃত্য,গীত মাতেৰে অনুষ্ঠানটি জীপাল কৰে। নৱাগতা সকলৰ স্ব-প্ৰতিভা প্ৰদৰ্শন আৰু বিদায়ী সকলৰ হৈ ক্ৰমে লিপিকা আৰু প্ৰণতি বৰাৰ আবেগিক
মুহূৰ্ত আৰু গীত, মাত, অভিনয়ৰে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰে। শেষত জাতীয় সংগীতেৰে অনুষ্ঠান সামৰণি মাৰে ।