...

ডিব্ৰুগড়ত শিক্ষাখণ্ডৰ পৰ্যালোচনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ডিব্ৰুগড়ত শিক্ষাখণ্ডৰ পৰ্যালোচনা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

 

অসম-অৰুণাচল সীমান্তত আঘাতপ্ৰাপ্ত প্রত্যেকগৰাকীলৈ ২ লাখ টকাৰ অর্থ সাহায্য

চাইন অন ডেস্ক,১৫আগষ্টঃ

ৰাজ্যৰ শিক্ষা খণ্ডৰ সামগ্রিক গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সমগ্র অসমৰ জিলাসমূহ ভ্ৰমণ কৰি শিক্ষা বিভাগৰ পুনৰীক্ষণ কাৰ্যসূচী অব্যাহত ৰাখিছে। ইয়াৰ অংশস্বৰূপে ডিব্ৰুগড় জিলাত কালি উপস্থিত হৈ শিক্ষামন্ত্ৰীগৰাকীয়ে জিলাখনৰ শিক্ষা খণ্ডৰ প্ৰগতি আৰু বিভিন্ন সমস্যাসমূহৰ বিস্তৃত খতিয়ান লয়। শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষা বিভাগৰ কাম-কাজৰ পোনপটীয়া পুনৰীক্ষণ তথা মূল্যাংকন চলোৱাৰ লক্ষ্যৰেই তেওঁ এই ভ্রমণ কাৰ্যসূচী গ্ৰহণ কৰিছে। বিগত পাঁচ বছৰত ৰাষ্ট্ৰীয় শিক্ষানীতি (এনইপি) ৰূপায়ণৰ যোগেদি বিশেষকৈ প্রাক্-প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষা খণ্ডত নিপুণ ভাৰত মিছনৰ অধীনত বুনিয়াদী সাক্ষৰতা আৰু সংখ্যা জ্ঞান (এফএলএন) ৰ প্ৰসাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল। শিক্ষক-শিক্ষয়িত্রীসকলক উপযুক্ত প্রশিক্ষণ প্ৰদান কৰি ৰাজ্যখনে প্রাথমিক শিক্ষাত ইতিবাচক ফলাফল লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাৰফৰমেঞ্চ গ্রেডিং ইন্ডেক্সতো যথেষ্ট উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে। এই সফলতাৰ পিছত এতিয়া চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্রেণীলৈ অর্থাৎ মাধ্যমিক শিক্ষা খণ্ডৰ গুণগত মান বৃদ্ধি কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ডিব্ৰুগড় জিলাৰ শিক্ষা খণ্ডৰ অৱস্থা সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে কয় যে জিলাখনৰ স্থান একেবাৰে শীৰ্ষতো নহয়, কিন্তু একেবাৰে তলৰ ফাললৈও নাই, বৰঞ্চ এক উন্নত অৱস্থাতে আছে। কিছু অতিৰিক্ত প্রচেষ্টা চলালে আগন্তুক গুণোৎসৱত ডিব্ৰুগড় জিলাই উৎকৃষ্ট প্ৰদৰ্শন কৰিব পাৰিব বুলি তেওঁ আশা প্রকাশ কৰে। এই পর্যালোচনা বৈঠকত বিধায়ক প্রশান্ত ফুকন, চক্ৰধৰ গগৈ আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

ইফালে, জিলাখনৰ মাৰোৱাৰী হিন্দী হাইস্কুলখনৰ সমস্যা সম্পর্কে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় সংবিধানৰ ৩০ নম্বৰ অনুচ্ছেদে ভাষিক আৰু ধর্মীয় সংখ্যালঘু সম্প্রদায়সমূহক নিজা বিদ্যালয় স্থাপন তথা পৰিচালনাৰ অধিকাৰ প্ৰদান কৰিছে। এই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়তো কেছ-মোৰ্কদ্দমা চলিছিল আৰু তাৰ আদেশ-নির্দেশো আছে। বিষয়টো সন্দর্ভত সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) আৰু মাৰোৱাৰী সমাজৰ প্রতিনিধি দলেও তেওঁক সাক্ষাৎ কৰি অৱগত কৰিছে। মন্ত্ৰী পেগুৱে আশ্বাস দিয়ে যে সাংবিধানিক ধাৰা, আনুসংগিক আইন আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অধ্যয়ন কৰি অতি শীঘ্ৰেই বিষয়টোৰ ওপৰত এক বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব।

শিক্ষা খণ্ডৰ কাৰ্যসূচীৰ পাছতেই শিক্ষামন্ত্ৰীগৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয়। ধেমাজি জিলাৰ অসম-অৰুণাচল প্রদেশ সীমান্তত সংঘটিত দুর্ভাগ্যজনক গুলীচালনাৰ ঘটনাত আহত ১১ জন আহত যুৱকক তেওঁ সাক্ষাৎ কৰে। চিকিৎসকে আহতসকল বর্তমান নিৰাপদ বুলি জনোৱাৰ কথা উল্লেখ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে আটাইৰে ক্ষিপ্ৰ আৰোগ্য কামনা কৰে। তেওঁ লগতে কয়- চিকিৎসালয়খনৰ ছুপাৰ স্পেচিয়েলিটী ব্লকত থকা ৮গৰাকী আহত লোকৰ চিকিৎসা অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাৰ লগতে আন চিকিৎসকসকলৰ তত্ত্বাৱধানত চলি আছে। আজি এগৰাকী আহতৰ অস্ত্রোপচাৰ সম্পন্ন হৈছে আৰু চকুত আঘাতপ্রাপ্ত আন এগৰাকী আহত লোকৰ পৰহিলৈ অস্ত্রোপচাৰ সম্পন্ন কব্বি। সকলো আহতই বর্তমান বিপদমুক্ত আৰু অতি সোনকালে তেখেতসকলে চিকিৎসালয়ৰ পৰা ওলাব পাৰিব বুলি চিকিৎসকে জানিবলৈ দিয়ে। মুখ্যমন্ত্রীয়ে ইতিমধ্যে এই ঘটনাত আহত প্রত্যেকগৰাকী ব্যক্তিলৈ এককালীন ২ লাখ টকাৰ অর্থ সাহায্য আগবঢ়াইছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *