...

ডিব্ৰুগড়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ হৰ ঘৰ ত্ৰিৰংগা পতাকাৰ বাইক ৰেলী

ডিব্ৰুগড়ত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ হৰ ঘৰ ত্ৰিৰংগা পতাকাৰ বাইক ৰেলী

চাইন অন ডেস্ক,১৩আগষ্ট:

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দেশজুৰি চলি থকা ‘হৰ ঘৰ তিৰংগা’ অভিযানৰ অংশ হিচাপে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭১নং বেটেলিয়নে উলিয়ালে ত্ৰিৰংগা বাইক ৰেলী। ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ১২ আগষ্টত ১৭১নং বেটেলিয়ন চি আৰ পি এফৰ উদ্যোগত আয়োজন কৰা হয় এই ত্ৰিৰংগা বাইক ৰেলী। দেশৰ স্বাধীনতাৰ বাবে বীৰ শ্বহীদসকলে আগবঢ়োৱা আত্মত্যাগ আৰু বলিদানক স্মৰণ কৰাৰ লগতে দেশৰ প্ৰতিজন নাগৰিকৰ মাজত দেশপ্ৰেমৰ ভাৱনা জাগ্ৰত কৰাই আছিল এই ৰেলীৰ মূল উদ্দেশ্য।হাতত জাতীয় পতাকা লৈ বাইকেৰে ৰেলীত অংশগ্ৰহণ কৰে চি আৰ পি এফৰ বিষয়া-জোৱানসকলে। ৰেলীৰ জৰিয়তে প্ৰতিগৰাকী নাগৰিকক নিজৰ ঘৰ তথা চৌহদত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হয়।এই ত্ৰিৰংগা ৰেলীৰ জৰিয়তে স্বাধীনতাৰ প্ৰতীক জাতীয় পতাকাৰ প্ৰতি সন্মান আৰু দেশৰ প্ৰতি দায়বদ্ধতাৰ বাৰ্তা জনসাধাৰণৰ মাজলৈ লৈ যোৱা হয়।ৰেলীত ১৭১নং বেটেলিয়নৰ এছ অ’ কেপ্টেইন, দ্বিতীয় কমাণ্ড বিষয়া, উপ-কমান্ডেণ্ট, সহকাৰী কমাণ্ডেণ্টৰ লগতে অন্যান্য বিষয়া আৰু জোৱানসকলে অংশগ্ৰহণ কৰে।ৰেলীৰ অন্তত দেশৰ প্ৰতি নিষ্ঠা আৰু দেশৰ সুৰক্ষাৰ বাবে সকলো সময়তে সম্ভৱপৰ সেৱা আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰে চি আৰ পি এফৰ বিষয়া-জোৱানসকলে। ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ জৰিয়তে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় একতাৰ বাৰ্তা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে এই ত্ৰিৰংগা বাইক ৰেলী অনুষ্ঠিত কৰা হয় বুলি উদ্যোক্তা সকলে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *