মিছামাৰীত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ
জেললৈ প্ৰেৰণ
মিছামাৰী,১৩আগষ্টঃ
শোণিতপুৰ জিলাৰ মিছামাৰী থানাৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত সফলতা দেখুৱাবলৈ সক্ষম হৈছে ৷ বিগত সময়ৰ দৰে কালিও এক গোপন সূত্ৰৰ পমখেদি খবৰ লাভ কৰি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে জাল পাতে আৰু অঞ্চলটোৰ ভুচুৰি চেণ্টাৰৰ পৰা মিছামাৰী সামৰিক ঘাটিৰ মাজেদি পুৰণা মিছামাৰী অভিমুখে যোৱা পথত পকেটত ড্ৰাগছ লৈ গৈ থকাৰ সময়ত এজনক আটক কৰাৰ পাছত উক্ত আটকাধীন লোকজনৰ জৰিয়তে আন এজনক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে সুজিত ভূঞা নামৰ লোকজনক আটক কৰাৰ পাছত আলম মনচুৰ নামৰ আন এজনক আটক কৰিবলৈ সক্ষম হয়৷ দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ পাছত আৰক্ষীয়ে আটকাধীন দুয়োজনকে থানালৈ লৈ যায় ৷ উল্লেখ্য যে আলম মনচুৰ হৈছে মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত বঙালগাঁৱৰ বাসিন্দা আৰু সুজিত ভূঞা ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত খেলমাটি অঞ্চলৰ শামুকীয়াৰ বুলি জানিবলৈ দিছে। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে ছয়টা কণ্টেইনাৰত প্ৰায় ৩ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিছে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে থানাত ইতিমধ্যে গোচৰ পঞ্জীয়ন কৰাৰ লগতে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত দুয়োজনক গ্ৰেপ্তাৰ কৰি আজি জেইল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ লগতে উদ্ধাৰকৃত নিচাজাতীয় সামগ্ৰীখিনি ক’ৰ পৰা অনা হৈছিল আৰু ক’ত সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল সেই সন্দৰ্ভত মিছামাৰী থানাৰ আৰক্ষী বিষয়া দ্বীপজ্যোতি ভৰালীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ স্বাধীনতা দিবসলৈ দুদিন বাকী থকা সময়ত আৰক্ষীৰ সফলতাক সকলোৱে প্ৰশংসা কৰিছে ৷