ডিব্ৰুগড়ত ৰে’লৱেৰ ৪ বিঘা ভূমিত হ’ব বহুমহলীয়া পার্কিং
প্রস্তাবিত পার্কিং স্থানত প্রায় ১,০০০খন বাহন ৰখাৰ ব্যৱস্থা
ডিব্ৰুগড়বাসীলৈ অলপ সকাহ !
চাইন অন ডেস্ক,১৩আগষ্ট:
ডিব্ৰুগড়ত ক্রমবর্দ্ধমান তীব্র পার্কিং সমস্যা আৰু যান-জট নিৰাময়ৰ লক্ষ্যৰে মহানগৰখনৰ মাজমজিয়াত থকা(টাউন ৰেল ষ্টেচনৰ সমীপত) ৰে’ল বিভাগৰ প্ৰায় ৪ বিঘা অব্যবহৃত ভূমিত বহুমহলীয়া পার্কিং নির্মাণৰ প্রক্রিয়াই অগ্রগতি লাভ কৰিছে। প্রস্তাবিত স্থানডোখৰ ডিব্ৰুগড় পৌৰ নিগম আৰু ৰে’ল বিভাগৰ বিষয়াসকলে যৌথভাৱে পৰিদৰ্শন কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন, আয়ুক্ত শিৱানী জেবংগল আৰু ৰে’ল বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ৰে’লবে বজাৰৰ সমীপৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। উপ-মেয়ৰ উজ্জ্বল ফুকনে জানিবলৈ দিয়া মতে, প্রস্তাবিত পার্কিং স্থানত প্রায় ১,০০০খন বাহন ৰখাৰ ব্যৱস্থা কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰে ৫০০খন দুচকীয়া আৰু ৫০০খন চাৰিচকীয়া বাহন থাকিব। 

