শিৱসাগৰ জিলাৰ বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত
স্বেচ্ছাসেৱী সংগঠন জোনাকৰ ‘এধানমানি সহমর্মিতা’ ৰূপায়ণ
চাইন অন ডেস্ক,১১আগষ্ট:
ডিব্ৰুগড় জিলাৰ অগ্রণী স্বেচ্ছাসেবী সংগঠন ‘জোনাক’ৰ পৰিকল্পনা-উদ্যোগেৰে যোৱা ৮ আগষ্ট শনিবাৰে শিৱসাগৰ জিলাৰ সাম্প্রতিক জলপ্রলয়ত বিধ্বস্ত-সর্বস্বান্ত বেতবাৰী অঞ্চলৰ বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আর্ত-পীড়িতজনৰ প্রতি সহানুভূতি জ্ঞাপক কার্য ‘এধানমানি সহমর্মিতা’ ৰূপায়ণ কৰা হয়। এই কার্যৰ অংশস্বৰূপে বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ১৫০ গৰাকী ছাত্র-ছাত্রীক স্কুল বেগ, ছাতি-কলম, বহী, জ্যামিতিৰ বাকচ, চাবোন, চেন্দেল আৰু বিস্কুট প্রদান কৰা হয়। জোনাকৰ এই কাৰ্যৰ সৈতে সহযোগিতা আগবঢ়ায় অসম 
‘এধানমানি সহমর্মিতা’ শীর্ষক কাৰ্য ৰূপায়ণৰ বাবে সংগঠনটোৰ বিষয়ববীয়াসকলৰ লগতে বৃহত্তৰ গৰুধৰীয়া-মধুপুৰ অঞ্চলটোৰ অন্তর্গত ফুকনবাম, ঠেঙাল, গৌৰীপুৰ, বিনৈগুটীয়া, শোভাচুক আৰু গোহাঁই গাঁও অঞ্চলৰ জোনাকৰ অনুৰাগী তথা সমাজৰ শুভচিন্তক ব্যক্তিসকলে যৎপৰোনাক্তি আর্থিক বৰঙণি আগবঢ়ায়। বান সাহায্য প্রদানৰ এই কাৰ্যসূচীত মুখ্য ভূমিকা পালন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক মৃদুল পাত্র, সহকাৰী সাধাৰণ সম্পাদক বসন্ত কুমাৰ গগৈ, প্ৰচাৰ সম্পাদক পৰাগধৰ চেতিয়া, সাংগঠনিক সম্পাদক দীপক কুমাৰ গগৈ আৰু উপ-সভাপতি বিদ্যাধৰ