অসম বিধানসভাৰ খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ হাতত অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ বিধায়ক গৰাকীৰ জৰিয়তে খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই প্ৰতি গৰাকীয়ে৫০হাজাৰ টকাকৈ মুঠ ১৭গৰাকা ঠিকাদাৰে চেক প্ৰদান কৰে।উল্লেখযোগ্য যে সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বৰবৰুৱাৰ কোটোহাটিস্থ বাসভৱনত অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই চেক প্ৰদান কৰে।খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈযে উজনি অসমৰ তিনিখন জিলাৰ বানবিধ্বস্ত অঞ্চলৰ জনসাধাৰণৰ জীৱনৰ সুৰক্ষা আৰু আন্ত:গাথনিৰ উন্নয়নৰ হকে খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ অৰ্থসাহাৰ্য্য চেক প্ৰদান কৰাৰ বাবে কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰে আৰু বানপীড়িত গ্ৰাম্যাঞ্চলৰ দুদৰ্শাগ্ৰস্ত বিপন্ন সময়ত খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাই লোৱা পদক্ষেপক মানৱ সেৱাৰ উৎকৃষ্ট মহানুভৱতা বুলি প্ৰকাশ কৰে।খোৱাং সমষ্টিৰ ঠিকাদাৰ সন্থাৰ ১৭গৰাকী ঠিকাদাৰে পঞ্চাশ হাজাৰকৈ মুঠ ৮,৫১০০টকাৰ চেক মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিলৈ বিধায়ক চক্ৰধৰ গগৈৰ হাতত প্ৰদান কৰে বুলি জানিবলৈ দিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.