...

চৰাইডেউত সোণোৱাল কছাৰী সংগঠনৰ বান সাহাৰ্য্য বিতৰণ

চৰাইডেউত সোণোৱাল কছাৰী সংগঠনৰ বান সাহাৰ্য্য বিতৰণ

চাইন অন ডেস্ক,৪আগষ্টঃ

শেহতীয়া সংহাৰী বানে ঢৌৱাই নিয়া চৰাইদেউ জিলাৰ নাগালেণ্ড সীমান্তৱৰ্তী বানপীড়িত ৰাইজৰ কাষত থিয় দিলে সোণোৱাল কছাৰী জনজাতিটোৰ সংগঠনসমূহে৷ দেওবাৰে জনজাতিটোৰ জাতীয় সংগঠন ক্ৰমে সোণোৱাল কছাৰী যুৱ পৰিষদ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা [বুধিন সোণোৱাল গোট], সদৌ সোণোৱাল কছাৰী সমাজ আৰু সোণোৱাল কছাৰী ডিঙিয়াল বংশ উন্নয়ন সমিতিৰ তৰফৰ পৰা চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তত অৱস্থিত চিংল’পথাৰ, বৰবিল আৰু কলীয়ামাটি নামৰ তিনিখন গাঁৱৰ দুশৰো অধিক পৰিয়ালক বান সাহাৰ্য্য প্ৰদান কৰা হয়৷ তদুপৰি সোণোৱাল কছাৰী সংগঠন কেইটাই কাষৰীয়া আহোম সম্প্ৰদায় আৰু চাহ জনগোষ্ঠীৰ প্ৰায় ২০ টা পৰিয়ালক সাহাৰ্য প্ৰদান কৰে৷ সোণোৱাল কছাৰী যুৱ পৰিষদৰ সভাপতি মিলন সোণোৱাল, মুখ্য সম্পাদক লোকেশ্বৰ সোণোৱাল, সম্পাদক টুটু চেলেং, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি বুধিন সোণোৱাল, সম্পাদক শংকৰজ্যোতি সোণোৱাল, সদৌ সোণোৱাল কছাৰী সমাজৰ সভাপতি জিতেশ বড়া, সম্পাদক দীপক শইকীয়া, ডিঙিয়াল বংশৰ উন্নয়ন সমিতিৰ হৈ পুষ্পধৰ সোণোৱাল, হৰেন্দ্ৰ নাথ সোণোৱাল, ৰতন হাজৰিকা, হৰেন সোণোৱাল, শক্তিধৰ গাঠিৰী, হেমন্ত সোণোৱাল, ভাইজান গাঠিৰী, স্ব জনজাতিৰ সাংবাদিক ৰাজু সোণোৱাল, ধনটি শইকীয়া, দীপক বড়া, বাবুল সোণোৱাল, অশ্বিনী কছাৰী, মৃদুল হাজৰিকা, মৰাণ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড॰ তুলসী সোণোৱালকে ধৰি সংগঠনকেইটাৰ চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, মাঘেৰিটা, লখিমপুৰ জিলাৰ তিনিকুৰিৰো অধিক বিষয়ববীয়া তথা প্ৰতিনিধি উপস্থিত থাকি বানপীড়িত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, ঔষধ, বস্ত্ৰ, ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক সামগ্ৰী, বাচন-বৰ্তন, শাক-পাচলি, মহ খেদোৱা ধূপ আদি প্ৰদান কৰে৷ সংগঠনকেইটাৰ হৈ মিলন সোণোৱাল, দীপক শইকীয়া আদি নেতাই বানপীড়িত সকলৰ দুখৰ সমভাগী হৈ ৰাইজক এষাৰি মাত লগাবলৈ অহাৰ কথা উল্লেখ কৰাৰ লগতে অনাগত দিনত যাতে এনে ধৰণৰ মানৱসৃষ্ট বানপানী সমস্যাৰ সৃষ্টি নহয় তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ উপৰিও উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে চৰকাৰক দাবী জনায়৷

Leave a Reply

Your email address will not be published. Required fields are marked *