বৰপেটা জিলাৰ মন্দিয়া আৰক্ষী চকীৰ অধীনস্থ সত্ৰকণৰা বজাৰত নিশাৰ ভাগত আৰক্ষীৰ ব্যাপক অভিযান। উল্লেখ্য যে বৃহস্পতিবাৰৰ নিশা সত্ৰকণৰা বজাৰত এখন ই-ৰিক্সাৰ বেটাৰী সলনি কৰি থকা অৱস্থাত স্থানীয় ৰাইজে দুজন সন্দেহজনক লোকক প্ৰত্যক্ষ কৰে। ই-ৰিক্সাত চাৰিটা বেটাৰী সলনি কৰি থকাত প্ৰত্যক্ষদৰ্শীৰ স্বাভাৱিকতে সন্দেহ হোৱাত তেওঁলোকক সোধা -পোছা কৰে আৰু তাতে আবদ্ধ কৰে । পৰৱৰ্তী সময়ত ৰাইজে মন্দিয়া আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাইনা দাসক অৱগত কৰাত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয়। আৰু ই-ৰিক্সা খনৰ সৈতে চাৰিটা বেটাৰীসহ দুজনক আটক কৰে। আটকাধীন লোক দুজন হ’ল ক্ৰমে ধেমাজি জিলাৰ চিলাপথাৰৰ গান্ধী নগৰৰ আইনুদ্দিন আলী(২৭) আৰু বাঘবৰৰ ১ নং চাছেৰা গাঁৱৰ নিবাসী জাহাঙ্গীৰ আলম (৩৩)।পিছলৈ ঘটনাস্থলীতেই ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসে আটকাধীন লোক দুজনক অধিক জেৰা চলোৱাত ওলাই পৰে উৰহী গছৰ ওৰ। আৰক্ষীয়ে আটক কৰা জাহাঙ্গীৰ আলম আৰু আইনুদ্দিন আলীক তীব্ৰ জেৰা স্বীকাৰোক্তি দিয়াত সত্ৰকণৰা বজাৰত জাহাঙ্গীৰৰ এখন গেৰেজৰ দোকানত অভিযান চলায়। আৰক্ষীৰ অভিযানকালত জাহাঙ্গীৰ গেৰেজৰ দোকানৰ পৰা পৰৱৰ্তী সময়ত পুনৰ ১৪ টাকৈ চুৰি বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে আৰক্ষীয়ে প্ৰথমাৱস্থাত উদ্ধাৰ কৰা ই – ৰিক্সা খনো দুদিন পূৰ্বে সত্ৰকণৰা ১৫ নং চিটৰ নিবাসী মালেক উদ্দিনৰ ঘৰৰ পৰা চুৰি হোৱা বুলি পিছলৈ জানিব পৰা যায়।চকী খনৰ বিষয়া মাইনা দাসৰ সাহসী নেতৃত্বত নিশাই প্ৰকৃত চুৰিৰ ঘটনাটি পোহৰলৈ আহে। আৰক্ষীয়ে ইতিমধ্যে সৰ্বমুঠ ১৮ টা বেটাৰী,ই -ৰিক্সা এখন (পঞ্জীয়ন নম্বৰ AS ER 8005),এটা কন্ট্ৰ’লাৰ আৰু এখন ই- ৰিক্সাৰ চাৰ্জাৰ আৰক্ষীয়ে জব্দ কৰি নিজৰ জিম্মাত ৰাখিছে। ইফালে আটকাধীন চোৰ দুজনৰ বিৰুদ্ধে ও এখন গোচৰ পঞ্জীয়নভুক্ত কৰি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি আৰক্ষী সূত্ৰে জানিব পৰা যায়। অৱশ্যে এই সমগ্ৰ চুৰি নেক্সাছটোত জড়িত ঘটনাৰ তাৎক্ষণিক আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী বিষয়া মাইনা দাসক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.