...

চৰাইদেউ-শিৱসাগৰ-যোৰহা বান পৰিস্থিতিক ‘ৰাষ্ট্ৰীয় সমস্যা’ ঘোষণা কৰাৰ দাবী আহোম সভাৰ

চৰাইদেউ-শিৱসাগৰ-যোৰহা বান পৰিস্থিতিক ‘ৰাষ্ট্ৰীয় সমস্যা’ ঘোষণা কৰাৰ দাবী আহোম সভাৰ

বানবিধ্বস্ত অঞ্চলত লোকপিয়ল স্থগিত ৰখাৰ আহ্বান

চাইন অন ডেস্ক,৩১জুলাই:

শেহতীয়াকৈ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত সংঘটিত ভয়াবহ বান পৰিস্থিতিক ‘ৰাষ্ট্ৰীয় সমস্যা’ (National Calamity) হিচাপে ঘোষণা কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জোৰদাৰ ভাৱে দাবী উত্থাপন কৰিব লাগে বুলি আহ্বান জনাইছে সদৌ অসম আহোম সভাই।
বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত আহোম সভাৰ সভাপতি শশাঙ্ক নেওগ, ডিব্ৰুগড় জিলা সভাপতি ৰঞ্জিত বৰুৱা আৰু কেন্দ্ৰীয় কোষাধ্যক্ষ দুৰ্লভ গগৈয়ে বানপীড়িত লোকসকলৰ দুৰ্দশাৰ বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি একাধিক দাবী উত্থাপন কৰে।
তেওঁলোকে কয়, বৰ্তমান বানপীড়িত পৰিয়ালসমূহক প্ৰদান কৰা ১৫ হাজাৰ টকাৰ সাহায্য কোনোপধ্যেই পৰ্যাপ্ত নহয়। ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক পুনৰসংস্থাপনৰ বাবে কমেও ১০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। প্ৰয়োজন হ’লে চৰকাৰে অন্য উন্নয়নমূলক কামৰ দৰেই ঋণ লৈ হ’লেও বানপীড়িত ৰাইজৰ পুনৰসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।
সংবাদ মেলত জৰাজীৰ্ণ মথাউৰিসমূহ বৈজ্ঞানিক পদ্ধতিৰে মেৰামতি আৰু নতুনকৈ নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। লগতে বানৰ পিছত সৃষ্টি হ’ব পৰা বেমাৰ-আজাৰ আৰু মহামাৰী প্ৰতিৰোধৰ বাবে চিকিৎসা সেৱা শক্তিশালী কৰাৰ লগতে ফিনাইল, ব্লিচিং পাউডাৰ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত যোগান ধৰিবলৈ চৰকাৰক আহ্বান জনোৱা হয়।
বানত ব্যাপক পশুধনৰ ক্ষতি হোৱা বুলি উল্লেখ কৰি পশুধনৰ বাবে চাপৰ, ভূষি আদি খাদ্যৰ ব্যৱস্থা কৰাৰো দাবী জনায় আহোম সভাই।
ইয়াৰ উপৰিও, বৰ্তমান চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বহু লোক নিজৰ ঘৰ-বাৰী এৰি আশ্ৰয় শিবিৰ বা পথৰ কাষত আশ্ৰয় লৈ থকাৰ পৰিপ্ৰেক্ষিতত এই অঞ্চলসমূহত চলি থকা লোকপিয়ল কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিবলৈ দাবী জনোৱা হয়।
সংবাদ মেলত আহোম সভাৰ ফালৰ পৰা ইতিমধ্যে বানপীড়িত অঞ্চলসমূহত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনাই অচিৰেই ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হ’ব বুলিও সংগঠনটোৰ নেতৃত্বই ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *