...

আকাশবাণী ডিব্ৰুগড় ক্লাষ্টাৰৰ বান সাহায্য কাৰ্যসূচী

আকাশবাণী ডিব্ৰুগড় ক্লাষ্টাৰৰ বান সাহায্য কাৰ্যসূচী

চাইন অন ডেস্ক,৩০জুলাই:

মানৱীয় সেৱাৰ অংশ হিচাপে আকাশবাণী ডিব্ৰুগড়, যোৰহাট, তেজু আৰু অন্যান্য এম চি কেন্দ্ৰসমূহক সামৰি গঠিত আকাশবাণী ডিব্ৰুগড় ক্লাষ্টাৰে ২৯ জুলাই তাৰিখে আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী ইন্দিৰা মৰাঙৰ নেতৃত্বত বানপীড়িত লোকসকলৰ বাবে এক বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰে।এই পদক্ষেপৰ মূল উদ্দেশ্য আছিল উজনি অসমৰ নিৰ্বাচিত বানাক্ৰান্ত অঞ্চলসমূহত অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ কৰি বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিয়া আৰু তেওঁলোকলৈ সহমৰ্মিতা প্ৰকাশ কৰা। এই কাৰ্যসূচীৰ জৰিয়তে সংকটৰ সময়ত সমাজকল্যাণৰ ক্ষেত্ৰত আকাশবাণীৰ দায়বদ্ধতা পুনৰ প্ৰতিফলিত হয়।এই সাহায্য অভিযান আকাশবাণী ডিব্ৰুগড় ক্লাষ্টাৰৰ অনুষ্ঠান, অভিযান্ত্ৰিক আৰু প্ৰশাসনিক শাখাৰ বিষয়া-কৰ্মচাৰীসকলৰ সমূহীয়া প্ৰচেষ্টাৰে সফলতাৰে সম্পন্ন হয়। দলটোৱে সক্ৰিয়ভাৱে সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে বানপীড়িত লোকসকলৰ সৈতে মত-বিনিময় কৰি আকাশবাণীৰ হৈ সমবেদনা, সহমৰ্মিতা আৰু সহযোগিতাৰ বাৰ্তা আগবঢ়ায়।এই কাৰ্যসূচীত আকাশবাণী ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী ইন্দিৰা মৰাং, অনুষ্ঠান কাৰ্যবাহী পৰাশা কোঁৱৰ, অনুষ্ঠান কাৰ্যবাহী এছ. দোৰেন্দ্ৰ সিং, ট্ৰেন্সমিছন এক্সিকিউটিভ জিন্টু চেতিয়া, জ্যেষ্ঠ অভিযান্ত্ৰিক সহায়ক মুকুল দেউৰী, টেকনিচিয়ান এছ. এছ. দাস, ইউ.ডি.চি. ৰাজা চট্টোপাধ্যায়, ইউ.ডি.চি. ত্ৰিদীপ বৰুৱাকে ধৰি আকাশবাণী ডিব্ৰুগড় ক্লাষ্টাৰৰ আন বহু সদস্য উপস্থিত থাকে আৰু কাৰ্যসূচী সফল কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *