...

বানপীড়িত লোকসকলৰ কাষত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থা

বানপীড়িত লোকসকলৰ কাষত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থা

চাইন অন ডেস্ক,২৯জুলাই:

সাম্প্ৰতিক অসমৰ বিধ্বংসী বানপানীত উজনি অসমৰ পৰা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বিভিন্ন স্থানত অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাই (Dibrugarh University Alumni Association) বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই এক ব্যাপক মানৱীয় সাহাৰ্য অভিযান ৰূপায়ণ কৰিছে। ইতিমধ্যে সংস্থাটোৱে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, গৱেষক ছাত্ৰ সংস্থা, ICMR-NIHR প্রকল্পৰ কৰ্মচাৰী সকল, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়, স্বেচ্ছাসেৱী অনুষ্ঠান জীৱন শিক্ষা, খোজ আদি অনুষ্ঠান সমূহৰ লগত ঐক্যবদ্ধ ভাৱে যোৱা ২৪, ২৫, ২৬ আৰু ২৮ জুলাই তাৰিখে নাজিৰা মেছাগঁড়, লেতেকুপুখুৰী, ৰাজপুল দুৱৰা গাঁও, বামুণ পুখুৰী অঞ্চল, শিমলুগুৰি অঞ্চলৰ অভয়পুৰ, গড়মূৰ তিনিআলি, ছোমণি, লাকুৱা ৰোড, বেঙেনামৰীয়া কোঁৱৰ গাঁও, বেতবাৰী অঞ্চলৰ নামতি পথাৰ, বামুণবাৰী, লুথৰি চেতিয়া গাঁও, মিঠাপুখুৰী গাঁও, মেৰবিল, জয়াপাৰ আৰু পৰমা সন্দিকৈ গাঁৱৰ প্ৰায় পাঁচ শতাধিক পৰিয়ালৰ মাজত বানসাহাৰ্য বিতৰণ কৰে। এই সামগ্ৰী সমূহৰ ভিতৰত গাখীৰ, চেনিতেৰী পেড, চিঁৰা, বিস্কুট, শিশু খাদ্য, ORS, বিশুদ্ধ খোৱা পানীৰ বটল, টাৱেল, পুৰুষ মহিলা আৰু শিশুৰ বিভিন্ন ধৰণৰ সাজ-পোছাক, ফেনাইল, ডেটল, বেদকভাৰ, আঁঠুৱা, মমবাতি, মহ খেদা ধূপ, দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰী আদি আছিল উল্লেখযোগ্য। বানৰ ফলত দুৰ্দশাগ্ৰস্ত হৈ পৰা পৰিয়ালসমূহৰ তাৎক্ষণিক প্ৰয়োজনীয়তা বিবেচনা কৰি সাহায্য সামগ্ৰীসমূহ সুনিয়োজিতভাৱে উপভোক্তাসকলৰ হাতত অৰ্পণ কৰিবলৈ বিশ্ববিদ্যালয় খনৰ অতীত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষক, বিষয়া-কৰ্মচাৰী, শুভাকাংক্ষী সকলে সন্মিলিতভাৱে চেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে।

প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সভাপতি অধ্যাপক প্ৰশান্ত কুমাৰ শইকীয়া আৰু সাধাৰণ সম্পাদক ড৹ প্ৰাণজিত কলিতাই এই সাহাৰ্য অভিযানৰ বাবে অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্য আৰু বিদেশত বসবাস কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী, শুভাকাংক্ষী আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ উদাৰমনা ব্যক্তিসকলে আৰ্থিক সহযোগিতা আগবঢ়াইছে বুলি আমাক এক বিবৃতি যোগে জানিবলৈ দিছে। তেওঁলোকৰ স্বতঃস্ফূৰ্ত সহযোগিতাৰ ফলতেই কম সময়ৰ ভিতৰতে বৃহৎ পৰিসৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা সম্ভৱ হৈছে বুলি ঘোষণা সহযোগিতা কৰা সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। তেওঁলোকে লগতে বিবৃতিটোত কয় যে, বানপীড়িত লোকসকলৰ পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাৰ যাত্ৰা দীৰ্ঘম্যাদী। সেই কথা লক্ষ্য ৰাখি সংস্থাই কেৱল তাৎক্ষণিক সাহাৰ্য বিতৰণতে সীমাবদ্ধ নাথাকি সমাজৰ প্ৰতি দায়বদ্ধতাৰ অংশ হিচাপে ভৱিষ্যতেও দুৰ্যোগকালীন মানৱীয় সহায়, সামাজিক সেৱা আৰু জনকল্যাণমূলক কাৰ্যসূচী অধিক বিস্তৃত ৰূপত ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সংস্থাটোৰ এই পদক্ষেপে দুৰ্যোগৰ সময়ত সমন্বিত সামাজিক প্ৰচেষ্টাৰ এক ইতিবাচক দৃষ্টান্ত স্থাপন কৰিছে বুলি সকলোৱে মত ব্যক্ত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *