ডিব্ৰুগড়ৰ বিশিষ্ট চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাৰ ৯৮ লাখ টকা আত্মসাৎ
অমৃত দে’ নামৰ এজনক গ্ৰেপ্তাৰ
চাইন অন ডেস্ক,২৭জুলাইঃ
ডিব্ৰুগড় মহানগৰত সংঘটিত হৈছে এক বৃহৎ আৰ্থিক প্ৰৱঞ্চনাৰ ঘটনা। মহানগৰখনৰ বিশিষ্ট চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞাৰ পৰা প্ৰায় ৯৮ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে অমৃত দে’ নামৰ
এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, অভিযুক্ত অমৃত দে’ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ লেবৰেটৰীত কৰ্মৰত আছিল। ইমান বৃহৎ পৰিমাণৰ ধন অভিযুক্তই কেনেকৈ, ক’ৰপৰা আৰু কি উপায়েৰে আত্মসাৎ কৰিলে সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই। আনকি, ভুক্তভোগী চিকিৎসক ডাঃ সৰ্বেশ্বৰ ভূঞায়ো বৰ্তমানলৈকে এই ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত সৱিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক নিৰ্দিষ্ট গোচৰ ৰুজু কৰিছে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত মাৰথন তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰক্ষীৰ জেৰাত ধৃত অমৃত দে’ৰ পৰা এই ধন আত্মসাৎ প্ৰক্ৰিয়াৰ আঁৰৰ ৰহস্য আৰু আন কোনো লোক জড়িত আছে নেকি, সেই সকলো তথ্য শীঘ্ৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে। বৰ্তমান আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।