...

বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশেষ সকাহমূলক ব্যৱস্থাৰ ঘোষণা

বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিশেষ সকাহমূলক ব্যৱস্থাৰ ঘোষণা

চাইন অন ডেস্ক,২৪জুলাই:

উজনি অসমত সংঘটিত ভয়াবহ বান পৰিস্থিতি, বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু কাষৰীয়া জিলাসমূহত হোৱা নেতিবাচক প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাজীৱন যাতে ব্যাহত নহয়, সেই উদ্দেশ্যে কেইবাটাও বিশেষ ব্যৱস্থা ঘোষণা কৰিছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আজি (২৪ জুলাই) জাৰি কৰা এক জাননী অনুসৰি বানৰ কৱলত পৰা আৰু নাম-ভৰ্তিৰ আনুষ্ঠানিকতা সম্পন্ন কৰিবলৈ বিশ্ববিদ্যালয়লৈ আহিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে অনলাইন যোগে নাম-ভৰ্তিৰ সুবিধা মুকলি কৰা হৈছে। এই সুবিধা বৰ্তমান অফলাইনভাৱে চলি থকা সকলো নাম-ভৰ্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ ভিতৰত পাঁচবছৰীয়া সমন্বিত স্নাতকোত্তৰ কাৰ্যসূচী (FYIPGP)-ৰ নাম-ভৰ্তিও অন্তৰ্ভুক্ত। ছাত্ৰ-ছাত্ৰীসকলক অনলাইন যোগে নাম-ভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সংশ্লিষ্ট Admission Cell অথবা বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে আহ্বান জনাইছে ।

য়াৰ উপৰিও, বানৰ ফলত হেৰুওৱা শিক্ষাগত নথি-পত্ৰ পুনৰ প্ৰদান কৰাৰ ক্ষেত্ৰতো বিশ্ববিদ্যালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। বানৰ ফলত বহু পৰিয়ালে শিক্ষাগত প্ৰমাণপত্ৰ, নম্বৰৰ প্ৰমাণপত্ৰ আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি পত্ৰ হেৰুৱাইছে বুলি উল্লেখ কৰি বিশ্ববিদ্যালয়ে বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক আশ্বাস প্ৰদান কৰিছে যে নিৰ্ধাৰিত সত্যাপন প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছত এনে নথি-পত্ৰ পুনৰ প্ৰদান কৰা হ’ব।

ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে বানৰ ফলত নথি-পত্ৰ হেৰুওৱাৰ বিষয়ে উল্লেখ কৰি নিদ্ধাৰিত সত্যাপণ প্ৰক্ৰিয়াৰ মাজেদি আগবাঢ়িব লাগিব। জাননীখনত আৰু উল্লেখ কৰা হৈছে যে, ওপৰত উল্লেখিত দুয়োটা সুবিধাৰ বাবে আবেদন পত্ৰ জাননী জাৰি হোৱাৰ তাৰিখৰ পৰা তিনি মাহৰ ভিতৰত দাখিল কৰিব লাগিব।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এই কঠিন সময়ত ছাত্ৰ-ছাত্ৰীৰ কাষত থকাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰি ঘোষণা কৰিছে যে, চলিত বান পৰিস্থিতিৰ মাজতো যাতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাজীৱন কোনো ধৰণে ব্যাহত নহয়, তাৰ বাবে বিশ্ববিদ্যালয়ে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াই যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *