...

বানপীড়িত লোকসকললৈ এককালীন বানসাহায্য সংগ্ৰহ আৰু বিতৰণ কাৰ্যসূচী

বানপীড়িত লোকসকললৈ এককালীন বানসাহায্য সংগ্ৰহ আৰু বিতৰণ কাৰ্যসূচী

জাতি জনগোষ্ঠীয় ঐক্য মঞ্চ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় যুৱ সমাজ আৰু মিলন জ্যোতি সংঘৰ

চাইন অন ডেস্ক,২৪জুলাই:

শেহতীয়াকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত ভয়ংকৰ বানপানীয়ে হাজাৰ হাজাৰ পৰিয়ালক গৃহহীন আৰু সৰ্বস্বান্ত কৰি তুলিছে। এই দুৰ্যোগৰ সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াৰ মানৱীয় দায়িত্ববোধেৰে জাতীয়-জনগোষ্ঠীয় এক্য মঞ্চ, ডিব্ৰুগড়, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু ডিব্ৰুগড় যুৱ সমাজ আৰু মিলন জ্যোতি সংঘৰ যৌথ উদ্যোগত এক এককালীন বানসাহায্য সংগ্ৰহ আৰু বিতৰণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন খাদ্য সামগ্ৰী, শুকান খাদ্য, শিশু খাদ্য, খোৱা পানী, মমবাতি, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰী সংগ্ৰহ কৰি শনিবাৰে বানপীড়িত অঞ্চলসমূহত বিতৰণ কৰা হ’ব।
উদ্যোক্তাসকলে সমাজৰ সকলো শ্ৰেণীৰ লোক, স্বেচ্ছাসেৱী সংগঠন, ব্যৱসায়ী, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শুভাকাংক্ষীসকলক এই মানৱীয় প্ৰচেষ্টাত আন্তৰিকভাৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, জাতি জনগোষ্ঠীয় ঐক্য মঞ্চৰ সভাপতি ৰাণা ৰঞ্জন গগৈ, ডিব্ৰুগড় যুৱ সমাজৰ খগেন দত্ত,মিলন জ্যোতি সংঘৰ সম্পাদক নিৰোদ কুমাৰ দত্তই এই দুৰ্যোগৰ সময়ত মানবতাৰ স্বাৰ্থত একত্ৰিত হ’বলৈ আহ্বান জনায় কয় যে, সকলোৱে অলপ সহায়ো বানপীড়িত এটা পৰিয়ালৰ মুখত পুনৰ হাঁহি বিৰিঙাব পাৰে বুলি কয়।
বানপীড়িত ভাই-ভনীসকলৰ দুখৰ সময়ত সহমৰ্মিতা প্ৰকাশ কৰি সকলোকে এই সাহায্য সংগ্ৰহ অভিযানত অংশগ্ৰহণ কৰাৰ বাবে বিনম্ৰ অনুৰোধ জনোৱাৰ লগতে শনিবাৰে চৰাইদেউ জিলাৰ বানবিধ্বস্ত অঞ্চলয উপস্থিত হৈ বিতৰণ কৰিব বুলি জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *