কানৈ মহাবিদ্যালয়ত টাই গীতৰ কৰ্মশালা সম্পন্ন
‘কর্মশালাই বিলুপ্তপ্রায় গীত সংৰক্ষণত সহায় কৰে’ঃ অধ্যক্ষ ড° শইকীয়া
ডিব্ৰুগড়, ২৩ জুলাইঃ
কৰ্মশালা হ’ল এখন ব্যাকৰণ। ব্যাকৰণ অবিহণে যেনেদৰে কোনো এক খাদ্য সুস্বাদু হ’ব নোৱাৰে, ঠিক তেনেকৈ ব্যাকৰণৰ অবিহনে কোনো গীত, নৃত্য, অভিনয় সুন্দৰ হ’ব নোৱাৰে। ব্যাকৰণে খাদ্যৰ জুতি বৃদ্ধি কৰাৰ দৰে গীতৰ কর্মশালাকো সঞ্জীৱনী শক্তি দিয়ে। ১৮ জুলাইৰ পৰা ২২ জুলাইলৈ ডিব্ৰুগড় জিলা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা টাই গীতৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রীবন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় গ্রন্থাগাৰিক সন্থাৰ সভাপতি, আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ জিলা সভাপতি, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কানৈ
মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই এইদৰে কয় । অধ্যক্ষগৰাকীয়ে টাই গীতৰ কৰ্মশালা আয়োজন কৰাতো অত্যন্ত সময়োপযোগী আৰু গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কয়— লোক সংস্কৃতি, ভাষিক ঐতিহ্যৰ সংৰক্ষণ, নতুন প্ৰজন্মক শিপাৰ স’তে চিনাকী কৰাই দিয়া আৰু সঠিক সুৰ, শব্দ শিকাৰ সুবিধাৰ বাবেই এনে গীতৰ কৰ্মশালা অনুষ্ঠিত কৰা প্ৰয়োজন। প্রশিক্ষক ৰূপে উপস্থিত থকা জ্যোতিমালা বুঢ়াগোহাঁইৰ উপস্থিতিত তেওঁ কয় যে টাই গীতৰ স’তে বিশেষ কিছুমান থলুৱা বাদ্যযন্ত্র জড়িত হৈ থাকে। পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ আৰু চৰ্চা, সাহিত্য, সংগীত আৰু নৃগোষ্ঠীয় সংস্কৃতিৰ ওপৰত কাম কৰি থকা গৱেষক, চিন্তাবিদ, অনুৰাগীসকলক এনে কর্মশালাই একত্ৰিত কৰে। তেওঁ কয় যে এনে কৰ্মশালাৰ যোগেদি পুৰণি, বিলুপ্তপ্রায়
গীতসমূহ ৰেকৰ্ডিং বা গ্ৰন্থ ৰূপত সংৰক্ষণ কৰাৰো সুযোগ সৃষ্টি হয়। অধ্যক্ষগৰাকীয়ে কয় যে টাই লোকগীতৰ মৌলিকতা অক্ষুন্ন ৰাখি আধুনিক সংগীতৰ ধাৰাত ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়বোৰ এনে কৰ্মশালাই সৃষ্টিশীল চিন্তা-চৰ্চাৰ বাট মুকলি হয়। টাই গীতৰ কর্মশালাই টাই সংগীতক এক বৃহৎ শ্ৰোতাৰ ওচৰলৈ লৈ যোৱাত সহায় কৰে বুলিও তেওঁ উল্লেখ কৰে। এনে কৰ্মশালাৰ গুৰুত্ব অত্যাধিক বুলি উল্লেখ কৰি তেওঁ কয় যে সমাজৰ মাজত একতা, ধাৰাবাহিকতা আৰু সাংস্কৃতিক গৌৰৱবোধ শক্তিশালী কৰিবলৈ হ’লে নতুন প্ৰজন্মৰ লগতে সকলো লোকৰ মাজত টাই সংস্কৃতিৰ বৰ্ণিল দিশসমূহৰ স’তে চিনাকী কৰাই দিবই লাগিব। তেওঁ নতুন প্ৰজন্মক কেনেকৈ পৃথিৱীৰ পৰা অনেক ভাষা, সংস্কৃতি, নৃত্য, গীত হেৰাই গৈছে সেই বিষয়ে উল্লেখ কৰি সেইবোৰ কেনেকৈ সংৰক্ষণ কৰিব পাৰি তাৰ বিষয়ে বিতং ব্যাখ্যাৰে এক সুন্দৰ আৰু মননশীল বক্তৃতা প্ৰদান কৰে। অধ্যক্ষগৰাকীয়ে কয় যে টাই ভাষাসমূহৰ ভিতৰত টাই আহোম, টাই খামটি, টাই ফাকে, টাই আইতনৰ মৌখিক ৰূপত থকা গীতসমূহ নথিভুক্ত কৰি ভাষা বিলুপ্তৰ লগতে জাতিৰ বিলুপ্তৰ পৰা ৰক্ষা কৰিবলৈ নতুন প্রজন্ম আগবাঢ়ি অহা উচিত। ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলে কেইবাটাও টাই গীত অতি সুন্দৰ আৰু মননশীলভাৱে পৰিৱেশন কৰে। অনুষ্ঠানত বিশিষ্ট সমাজকর্মী অমৃত কেডিয়া, টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি, সম্পাদকৰ উপৰিও অন্যান্য বিষয়ববীয়াসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।