এছ বি আই লাইফৰ ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰলৈ পুঁজি যোগান
চাইন অন ডেস্ক,২৩জুলাইঃ
ভাৰতীয় ষ্টেট বেংক লাইফৰ সমাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ক্ৰীড়াৰ উৎকৰ্ষ সাধনৰ বাবে ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰক ৫০ হেজাৰ টকাৰ এক পুঁজি যোগান ধৰা হয়। এই উপলক্ষে ২২ জুলাইত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত থকা ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ কাৰ্যালয়ত চেণ্টাৰৰ সভাপতি জ্ঞান প্ৰকাশ শৰ্মাৰ সভাপতিত্বত এক সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানটোত এছ বি আই লাইফৰ গুৱাহাটীস্থিত আঞ্চলিক প্ৰৱন্ধক মৃদুল কলিতা, জনেল এৰিয়া মেনেজাৰদ্বয় ক্ৰমে সঞ্জিত ৰঞ্জন আৰু চিন্ময় ডেকা, জেষ্ঠ ক্ষেত্ৰ প্ৰবন্ধক কুনাল পাণ্ডে, জেষ্ঠ ব্যৱসায়িক উন্নয়ণ প্ৰবন্ধকদ্বয় ক্ৰমে মানস প্ৰতীম বৰা আৰু ৰশ্মি আগৰৱাল উপস্থিত আছিল। ইয়াৰোপৰি, অনুষ্ঠানটোত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, অসমৰ প্ৰথমগৰাকী এন আই এছ ক্ৰিকেট প্ৰশিক্ষক তথা ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ জেষ্ঠ উপদেষ্টা প্ৰণৱ বৰুৱা, প্ৰাক্তন ৰঞ্জী খেলুৱৈ তথা অসম ক্ৰিকেট সন্থাৰ নিয়োজিত অসম জুনিয়ৰ দলৰ নিৰ্বাচকদ্বয় ক্ৰমে নিৰঞ্জন শইকীয়া আৰু সৌৰভ ভাগৱতী, প্ৰাক্তন ৰঞ্জী খেলুৱৈ তথা কোচিং চেণ্টাৰৰ সাধাৰণ সম্পাদক চেলিম আহমেদ, প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ তথা কোচিং চেণ্টাৰৰ জেষ্ঠ উপ-সভাপতি অজিত হাজৰিকা, ডিব্ৰুগড় ভেটাৰ্ণ ক্ৰিকেট সন্থাৰ সভাপতি তাৰিক খান অতিথি হিচাপে উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি চেণ্টাৰৰ
সভাপতি জ্ঞান প্ৰকাশ শৰ্মাই কয় যে ১৯৮৭ চনত প্ৰতিষ্ঠা হোৱা এই ক্ৰীড়ানুষ্ঠানটোৱে বিগত ৩৯ বছৰে অসমৰ ক্ৰিকেট ক্ষেত্ৰলৈ একাধিক খেলুৱৈ সৃষ্টি কৰি আহিছে। তেখেতে এছ বি আই লাইফৰ এই সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অতিথিৰ ভাষণত জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াই খেলুৱৈ সকলক নিষ্ঠা আৰু একাগ্ৰতাৰে খেলি একো একোজন সুদক্ষ খেলুৱৈ হিচাপে নিজকে গঢ় দিবলৈ আহ্বান জনায়। এছ বি আই লাইফৰ মাণ্ডলিক প্ৰৱন্ধক মৃদুল কলিতাই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰাৰ উপৰিও কোচিং চেণ্টাৰৰ ক্ৰীড়াৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰশংসা কৰে। এছ বি আই লাইফে চি এছ আৰ পুঁজিৰ অধীনত বিভিন্ন ক্ষেত্ৰলৈ সাহাৰ্য্য প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা এই অৱদানৰ বাবে তেওঁ সন্তোষ প্ৰকাশ কৰে। অনাগত দিনবোৰত এছ বি আই লাইফৰ পৰা আৰু সাহাৰ্য্য আগবঢ়াবলৈ চেষ্টা চলাব বুলি তেওঁ কয়। অনুষ্ঠানতেই মৃদুল কলিতাই এছ বি আই লাইফৰ পৰা আগবঢ়োৱা ৫০ হেজাৰ টকাৰ এখন চেক প্ৰদান কৰাৰ লগতে তেওঁ ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰৰ অফিচিয়েল জাৰ্ছী আনুষ্ঠানিকভাৱে উন্মোচন কৰে। অনুষ্ঠানটোৰ আঁত ধৰে জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি তথা কোচিং চেণ্টাৰৰ উপ-সভাপতি মানস জ্যোতি দত্তই।