...

দিখৌমুখৰ বয়োজ্যেষ্ঠা ধৰ্মপ্ৰাণা মহিলা গুণ কলিতাৰ দেহাৱসান

দিখৌমুখৰ বয়োজ্যেষ্ঠা ধৰ্মপ্ৰাণা মহিলা গুণ কলিতাৰ দেহাৱসান

দিখৌমুখ,১৯জুলাইঃ

দিখৌমুখৰ পূৰ্বৰ দেওঘৰীয়া গাৱঁৰ তথা বৰ্তমানৰ কৃষ্ণছিগা গাবঁৰ নিবাসী প্ৰয়াত চন্দ্ৰ কলিতাৰ সহধৰ্মিনী, বয়োজ্যেষ্ঠা ধৰ্মপ্ৰাণা মহিলা গুণ কলিতাৰ (৮৫) আজি পুৱা প্ৰায় ৬.৪৫ বজাত কৃষ্ণছিগা গাৱঁৰ নিজা বাসগৃহতে দেহাৱসান ঘটে৷ বাৰ্দ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰা সৰবৰহী মহিলাগৰাকী জীৱিত কালত দিখৌমুখৰ সমাজ জীৱনৰ লগত ওতঃপোত ভাৱে জড়িত আছিল৷ বহু সময়ত গ্ৰাম্য সমাজৰ কেতবোৰ আনুস্থানিক অনুস্থানত খুহুতীয়া অভিনয়েৰেও ৰাইজক হাঁহিৰ খোৰাক জগোৱা ধৰ্মপ্ৰাণা মহিলা গৰাকীয়ে মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰ, তিনি গৰাকী বিবাহিতা জী, বোৱাৰী, নাতি-নাতিনী, জী- জোৱাঁই সহ পৰিয়াল স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে৷ আজি তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তেখেতৰ বাসগৃহত আহি উপস্থিত হোৱা ৰাইজে আয়োজন কৰা অন্তিম শ্ৰদ্ধাঞ্জলি অনুস্থানত দেওঘৰীয়া গাৱঁৰ ঐতিহাসিক ৰামখা পীঠ দেৱালয় পৰিচালনা সমিতি, দেওঘৰীয়া গাওঁ নামঘৰ পৰিচালনা সমিতি, দিখৌমুখ কৃষ্ণছিগা গাওঁ নামঘৰ পৰিচালনা সমিতি, আধ্যাত্মিক যুৱ সমাজ দিখৌমুখ, দিখৌমুখ প্ৰেছ ক্লাৱ, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু ৰাইজৰ দলৰ দিখৌমুখ আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে বহুজন ব্যক্তিয়েও প্ৰয়াত কলিতাৰ নশ্বৰ দেহত পুস্পাঞ্জলিৰে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মহিলা গৰাকীৰ দেহাৱসানত অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *