অসমৰ চিকিৎসা জগতলৈ অপূৰণীয় ক্ষতি
বিশিষ্ট চিকিৎসক তথা এএমচিৰ প্ৰাক্তন অধ্যাপক ডাঃ গিৰিন্দ্ৰ নাথ গগৈৰ পৰলোক
চাইন অন ডেস্ক,১৮ জুলাই:
অসমৰ চিকিৎসা ক্ষেত্ৰলৈ এক অপূৰণীয় ক্ষতি সাধন কৰি বিশিষ্ট চিকিৎসক, অসম চিকিৎসা মহাবিদ্যালয় (এএমচি)ৰ মেডিচিন বিভাগৰ প্ৰাক্তন অধ্যাপক তথা ৰাজ্যখনৰ এগৰাকী সন্মানীয় শিক্ষক ডাঃ গিৰিন্দ্ৰ নাথ গগৈৰ শুকুৰবাৰে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৮০ বছৰ। বিগত কিছুদিন ধৰি বাৰ্ধক্যজনিত অসুস্থতা আৰু বৃক্কজনিত ৰোগত ভুগি তেওঁ নিজ প্ৰতিষ্ঠান ‘মেকউইন্স’ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।ডাঃ গগৈ কেৱল এগৰাকী সফল চিকিৎসকেই নাছিল, তেওঁ আছিল চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনৰ এগৰাকী অনন্য শিক্ষক, পথ-প্ৰদৰ্শক আৰু মেন্টৰ। এমবিবিএছ আৰু এমডি দুয়োটা পৰ্যায়তে কৃতিত্বেৰে উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ চিলচৰত চিকিৎসক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। অতি কম সময়ৰ ভিতৰতে তেওঁৰ নিখুঁত ৰোগ নিৰ্ণয় ক্ষমতা, 
১৯৯৬ চনত তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ পিছত বহু বছৰ ধৰি তেওঁ চিকিৎসা শিক্ষা আৰু সেৱাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়ায়। তেওঁৰ হাত ধৰি অসমৰ বহু প্ৰতিষ্ঠিত মেডিচিন বিশেষজ্ঞই শিক্ষা আৰু প্ৰশিক্ষণ লাভ কৰি চিকিৎসা ক্ষেত্ৰত সুপ্ৰতিষ্ঠিত হৈছে।
ডাঃ গগৈৰ মৃত্যুৰ খবৰে সমগ্ৰ চিকিৎসা সমাজক শোকস্তব্ধ কৰি তুলিছে। তেওঁৰ প্ৰতি চিকিৎসক সমাজৰ গভীৰ শ্ৰদ্ধাৰ নিদৰ্শন হিচাপে মৃত্যুৰ পূৰ্বদিনা তেওঁৰ স্বাস্থ্যৰ খবৰ ল’বলৈ গুজৰাটৰ পৰা সাতগৰাকী চিকিৎসক ডিব্ৰুগড়লৈ আহিছিল। উল্লেখ্য যে, যোৱা ১ জুলাই চিকিৎসক দিৱস উপলক্ষে ভাৰতীয় চিকিৎসা সংস্থা (আইএমএ)ৰ ডিব্ৰুগড় শাখাই চিকিৎসা ক্ষেত্ৰলৈ তেওঁৰ আজীৱন অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক ‘শ্ৰেষ্ঠ চিকিৎসক’ সন্মানেৰে সন্মানিত কৰিছিল।
ধাৰ্মিক, সৰল আৰু মানৱদৰদী ব্যক্তি হিচাপে পৰিচিত ডাঃ গিৰিণ গগৈৰ বিয়োগত ভাৰতীয় চিকিৎসা সংস্থা (আইএমএ)ৰ ডিব্ৰুগড় শাখা সভাপতি ডাঃ গৌৰী শংকৰ বৰগোহাঁই সম্পাদক ডাঃ মৃগাংক বৰুৱা, সতীৰ্থ চিকিৎসক ডাঃ নাৰায়ণ উপাধ্যায়,অসম চিকিৎসা মহাবিদ্যালয় অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, ডিব্ৰুগড় বিধায়ক প্ৰশান্ত ফুকন,অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা, সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। অসমৰ চিকিৎসা জগতত তেওঁৰ অৱদান চিৰদিন স্মৰণীয় হৈ থাকিব বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ চিকিৎসক পুত্ৰ, কন্যা,জী- জোঁৱাই পত্নী আত্মীয় স্বজনক এৰি গৈছে।