...

এএমচিএইচত উচ্ছেদ অভিযান ডিব্ৰুগড় পৌৰ নিগমৰ

এএমচিএইচত উচ্ছেদ অভিযান ডিব্ৰুগড় পৌৰ নিগমৰ

অনাময় নিয়ম উলংঘনৰ তথ্য পোহৰলৈ

চাইন অন ডেস্ক,১৭জুলাই:

ডিব্ৰুগড় দ্বিতীয় মহানগৰ হিচাপে পৰিগণিত হোৱাৰ পাছৰে পৰা ডিব্ৰুগড় পৌৰ নিগম তৎপৰ হৈ পৰা দেখা গৈছে।কোনো ক্ষেত্ৰতেে যাতে নিয়ম উলংঘা কৰা নহয় তাৰ বাবে যেন সকলো সময়তে সস্তম ডিব্ৰুগড়ৰ পৌৰ নিগম আৰু জিলা প্ৰশাসন।ডিব্ৰুগড় পৌৰ নিগমে (ডিএমচি)কালি নিশা অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চৌহদত এক ব্যাপক উচ্ছেদ অভিযান চলায়। হাস্পতালখনৰ চৌহদত থকা অননুমোদিত দোকানসমূহক লক্ষ্য কৰি আৰু অনাময় তথা স্বচ্ছতাৰ নিয়মসমূহ মানি চলা হৈছে নে নাই তাৰ বুজ ল’বলৈ এই অভিযান চলোৱা হয় বুলি জানিব পৰা গৈছে।ডিএমচিৰ আয়ুক্ত শিৱানী জেৰংগালৰ নেতৃত্বত পৰিচালিত এই অভিযানত বিষয়াসকলে চিকিৎসা মহাবিদ্যালয় চৌহদৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে। এই সময়ছোৱাত কোনো ধৰণৰ বৈধ অনুমতি অবিহনে চলি থকা প্ৰতিষ্ঠানসমূহ চিনাক্ত কৰাৰ লগতে বৰ্তমান চলি থকা খাদ্যৰ দোকানসমূহৰ স্বচ্ছতাৰ মানদণ্ড পুংখানুপুংখৰূপে পৰীক্ষা কৰা হয়।অভিযানকালত কেইবাখনো অননুমোদিত দোকান ধৰা পৰে আৰু বিষয়াসকলে অনাময় ব্যৱস্থাৰ কেইবাটাও গুৰুতৰ উলংঘনৰ ঘটনা পোহৰলৈ আনে।আটাইতকৈ উদ্বেগজনক বিষয়সমূহৰ ভিতৰত আছিল যে চৌহদৰে এখন প্ৰতিষ্ঠানৰ বাথৰুমৰ ভিতৰত খাদ্য সামগ্ৰী মজুত কৰি ৰখা কাৰ্য।এই নিয়ম উলংঘনৰ ঘটনাই পৰিদৰ্শনকাৰী বিষয়াসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আয়ুক্ত জেৰংগালে কয়, “এনে কাৰ্যই জনস্বাস্থ্যৰ প্ৰতি এক ডাঙৰ ভাবুকি কঢ়িয়াই আনে আৰু এয়া একেবাৰেই গ্ৰহণযোগ্য নহয়। ডিএমচি স্বচ্ছতা, খাদ্য সুৰক্ষা আৰু জনস্বাস্থ্য বজাই ৰাখিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ। সকলোৰে বাবে এক সুৰক্ষিত আৰু স্বাস্থ্যকৰ পৰিৱেশ নিশ্চিত কৰিবলৈ নিয়ম উলংঘনকাৰীসকলৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা অব্যাহত থাকিব।”যোৱা দুবছৰ ধৰি এএমচিএইচ চৌহদত অনুমোদিত নোহোৱাকৈ দোকান দিয়া আৰু বেদখলৰ ক্ৰমবৰ্ধমান সমস্যাৰ বিৰুদ্ধে কৰ্তৃপক্ষই চলাই অহা এনফ’ৰ্চমেণ্ট ব্যৱস্থাৰ ধাৰাবাহিকতাত আজি এই অভিযানৰ সামৰণি পৰে।উল্লেখ্য যে চলিত বৰ্ষৰ ৩১ মে’তো একে স্থানতে অনুৰূপ এক বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছিল, য’ত চৌহদৰ ভিতৰত কাঠফুলাৰ দৰে গঢ়ি উঠি যান-জঁটৰ সৃষ্টি কৰা অবৈধ দোকানসমূহ ভাঙি পেলোৱা হৈছিল। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ডিচেম্বৰ মাহতো ছুপাৰ স্পেচিয়েলিটি ইউনিট, ব্লাড বেংক আৰু হোষ্টেল এলেকাৰ ওচৰৰ পৰা অনাময় আৰু সুৰক্ষাৰ কাৰণত অননুমোদিত খাদ্যৰ বিপণীসমূহ উচ্ছেদ কৰা হৈছিল।মে’ মাহৰ অভিযানৰ মূল লক্ষ্য যিদৰে চৌহদৰ ভিতৰত যাতায়তত বাধাৰ সৃষ্টি কৰা গাঁথনিসমূহ আঁতৰোৱা আছিল, তাৰ বিপৰীতে কালিৰ অভিযানত খাদ্য সুৰক্ষা আৰু অনাময় ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। বিষয়াসকলে চৌহদত চলি থকা দোকানসমূহৰ খাদ্য মজুতকৰণ প্ৰক্ৰিয়া বিতংভাৱে পৰীক্ষা কৰে।
পদপথৰ ব্যৱসায়ী (জীৱিকা সুৰক্ষা আৰু পদপথৰ ব্যৱসায় নিয়ন্ত্ৰণ) আইন, ২০১৪-ৰ অধীনত ডিএমচিয়ে ইয়াৰ পূৰ্বে চহৰখনৰ ১১খন প্ৰধান পথত ২৮টা নিৰ্দিষ্ট ভেণ্ডিং জ’ন (ব্যৱসায়িক স্থান) অধিসূচিত কৰিছিল, যাতে ব্যৱসায়ীসকলক অননুমোদিত স্থানৰ পৰিৱৰ্তে বৈধ বিকল্প প্ৰদান কৰিব পৰা যায়। তথাপিও, এএমচিএইচৰ দৰে প্ৰতিষ্ঠানসমূহৰ ভিতৰত নিয়মিত ব্যৱধানত এনে অভিযান চলাবলগীয়া হৈছে, যাৰ পৰা বুজা যায় যে তাৎক্ষণিক তদাৰক ঢিলা হ’লেই এই নিয়ম উলংঘনৰ ঘটনা পুনৰ মূৰ দাঙি উঠে।
ডিএমচিৰ বিষয়াসকলে জনোৱা মতে, নিগমে এএমচিএইচ চৌহদ আৰু চহৰৰ অন্যান্য চৰকাৰী প্ৰতিষ্ঠানসমূহত এনে আকস্মিক পৰিদৰ্শন অব্যাহত ৰাখিব আৰু ভৱিষ্যতে কোনো প্ৰতিষ্ঠানে অনাময় বা সুৰক্ষাৰ নিয়ম উলংঘন কৰা ধৰা পৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *