ডিব্ৰুগড়ত টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস
ভাষা আৰু সাহিত্য, এটা জাতিৰ পৰিচয়:ড° শশীকান্ত শইকীয়া
চাইন অন ডেস্ক,১৭জুলাই:
‘ভাষা আৰু সাহিত্য হৈছে এটা জাতিৰ প্ৰাথমিক পৰিচয়৷ সাহিত্যই এটা জাতিক বিশ্ব দৰবাৰত নিজা স্বকীয়তাৰে থিয় হোৱাৰ শক্তি প্ৰদান কৰে৷ সাহিত্যৰ অবিহনে এটা জাতিৰ ভাষা কেৱল মনৰ ভাব বিনিময়ৰ মাধ্যম হিচাপে থাকি যায়৷ কিন্তু সাহিত্যৰ স্পৰ্শই তাক এটা সমৃদ্ধ সাংস্কৃতিক পৰিচয় দিয়ে৷ অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰী বন্ধন উপ-সমিতিৰ আহবায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ডিব্ৰুগড় গ্ৰন্থাগৰিক সন্থাৰ সভাপতি, ডিব্ৰুগড় জিলা ইতিহাস সংকলন সমিতিৰ সভাপতি তথা ডিব্ৰুগড় হনুমান ব’ সুৰজমল কানৈ মহাবিদ্যালয়ৰ [স্বায়ত্ত শাসিত] অধ্যক্ষ ড॰ শশীকান্ত শইকীয়াই এইদৰে কয়৷ কালি ডিব্ৰুগড়
জিলা টাই আহোম যুৱ পৰিষদ [টাইপা]ৰ উদ্যোগত অনুষ্ঠিত ৩১ সংখ্যক কেন্দ্ৰীয় অধিৱেশনত প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘ছিং লুক বাও টাই আহোম’ উন্মোচন কৰি অধ্যক্ষগৰাকীয়ে কয়– যুৱ শক্তিয়ে সমাজ পৰিৱৰ্তন কৰিব পাৰে আৰু যুৱ শক্তিৰ যোগেদি ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণ ঘটাব পাৰি৷ স্মৃতিগ্ৰন্থখন কেৱল কেইটামান কাগজৰ পৃষ্ঠা নহয় বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়– ভাষা আৰু সাহিত্যই হ’ল এটা জাতিৰ আত্মা স্বৰূপ৷ সাহিত্যই এটা জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰে আৰু সাংস্কৃতিক সম্পদে জাতিৰ পৰিচয় উজলাই তোলে৷ অসমীয়া ভাষা থাকিলেহে সাহিত্য থাকিব আৰু সাহিত্য থাকিলেহে ৰীতি-নীতি-পৰম্পৰা চিৰদিন থাকিব বুলি উল্লেখ কৰি তেওঁ কয়– টাইপাৰ এনে অধিৱেশনে ইতিহাস সমৃদ্ধ কৰাই নহয়, জাতিটোকো শক্তিশালী কৰি তোলে৷ জাতীয় একতা আৰু আবেগিক সংযোগ অক্ষুণ্ণ ৰখাত সাহিত্যৰ লগতে ভাষা আৰু যুৱ শক্তিয়ে সহায় কৰে বুলি উল্লেখ কৰি তেওঁ কয়– যি জাতিৰ সাহিত্য নাই, সেই জাতিৰ কোনো ভৱিষ্যতো নাই৷ অন্ন, বস্ত্ৰ আৰু বাসস্থানে মানুহক ভৌতিকভাৱে জীয়াই ৰাখে বুলি উল্লেখ কৰি তেওঁ কয়– সাহিত্যই জাতিক মানসিক আৰু আধ্যাত্মিকভাৱে জীয়াই ৰখাত সহায় কৰে৷ এনে স্মৃতিগ্ৰন্থৰ যোগেদি সাহিত্যৰ ভঁৰাল চহকী কৰিব পাৰি বুলি মন্তব্য কৰি তেওঁ কয়– সাহিত্য এটা জাতিৰ অতীতৰ গৌৰৱ, বৰ্তমানৰ দলিল আৰু ভৱিষ্যতৰ পথ প্ৰদৰ্শক৷ নিজৰ অস্তিত্ব আৰু স্বাভিমান ৰক্ষাৰ বাবে প্ৰতিটো জাতিকে সাহিত্যৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে৷ সাহিত্য-সংস্কৃতিক অৱহেলা কৰাৰ বাবে পৃথিৱীৰ পৰা বহু জাতি-জনগোষ্ঠী, সভ্যতা নোহোৱা হৈ যোৱা বুলি উল্লেখ কৰি তেওঁ কয়– আজি অসমীয়াই নিজৰ ভাষাটো শুদ্ধকৈ ক’ব নোৱাৰা হ’ল৷ অসমীয়া ভাষা এক বিজতৰীয়া ভাষা হৈ পৰা বুলিও তেওঁ উল্লেখ কৰে৷ সভাৰ আদৰণি ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয়– বিগয় ৩১ বছৰ ধৰি সংগঠনটোৱে চলাই অহা সংগ্ৰাম আহোম জাতিৰ বাবে এক স্মৰণীয়৷ তেওঁ কয়– আহোমসকলৰ সকলোকেইটা সংগঠনে জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা হৈছে৷ তেওঁ টাই আহোমসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, স্বায়ত্ত শাসন প্ৰদান কৰা, টাই ভাষা, টাই নৃত্য-সংস্কৃতি প্ৰসাৰ আৰু আহোমৰ প্ৰাচীন সম্পদসমূহ সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰে৷ অসমৰ টাই আহোমসকলৰ প্ৰাচীন সম্পদসমূহ সংৰক্ষণ কৰিবলৈ চৰকাৰে আগবাঢ়ি অহা উচিত বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়– বৰ্তমান চৰকাৰখনে জনগোষ্ঠীটোৰ দাবীসমূহ সমাধান কৰাৰ বিপৰীতে আওকাণ কৰি আহিছে৷ এই প্ৰতিষ্ঠা দিৱসৰ দিনাই অসমৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহবান জনাই কয়– অতি সোনকালে আহোমসকলৰ জনজাতিকৰণ নহ’লে জনজাতিকৰণৰ দাবীত জনগোষ্ঠীটোৰে সঠিক আৰু ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব৷ প্ৰয়োজন হ’লে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও তেওঁ সদৰী কৰে৷ উল্লেখ্য যে আজি দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় জিলা পুথি ভঁৰালত অনুষ্ঠিত হোৱা টাইপাৰ অধিৱেশনত পুৱা পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে৷ স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্ব লন কৰে কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা অনন্ত ফুকনে৷ মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্ব লন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোহাঁয়ে৷ ১৯৯৫ চনৰ ১৬ জুলাইত প্ৰতিষ্ঠা হোৱা এই যুৱ সংগঠনটোৰ প্ৰতিষ্ঠাপক সম্পাদক ডামচাওঁ পংকজ বৰগোহাঁইৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্ব লন কৰে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মনোৰঞ্জ ন গগৈয়ে৷ আজি মুকলি সভাৰ আঁত ধৰে কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক মনোৰঞ্জ ন গগৈয়ে৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক গিৰীণ চেতিয়া৷ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিকাশ অসম৷ আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শশাংক নেওগ, আহোম জাতীয় মহা সভাৰ কেন্দ্ৰীয় সম্পাদক অনন্ত গগৈ, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, ডিব্ৰুগড় জিলা উন্নয়ন পৰিষদৰ অধ্যক্ষ অসীম হাজৰিকা প্ৰমুখ্যে অন্যান্য কেন্দ্ৰীয়, জিলা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিষয়ববীয়া আৰু নিমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে৷
Like this:
Like Loading...