...

নগৰবেৰাত নমঃ দীনননী জনকল্যাণ ট্ৰাষ্টৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা “প্ৰজ্ঞা”

নগৰবেৰাত নমঃ দীনননী জনকল্যাণ ট্ৰাষ্টৰ উদ্যোগত প্ৰতিভা সন্ধানী পৰীক্ষা “প্ৰজ্ঞা”

নগৰবেৰা,১১জুলাই:

কামৰূপৰ নগৰবেৰা অঞ্চলৰ কৃতী শিক্ষক স্বৰ্গীয় দীনবন্ধু ঠাকুৰীয়া সোঁৱৰণী
প্ৰথম বাৰ্ষিক প্ৰতিভা সন্ধানী পৰীক্ষা ‘ প্ৰজ্ঞা ‘আজি নগৰবেৰা মৌজাৰ অন্তৰ্গত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে দুটা শাখাত অনুষ্ঠিত কৰা হয়।ক- শাখা: চতুৰ্থ-পঞ্চম শ্ৰেণীৰ বাবে আৰু খ- শাখা: ষষ্ঠ-অষ্টম শ্ৰেণীৰ বাবে
উল্লেখ্য যে উক্ত পৰীক্ষাত প্ৰতিটো শাখাৰ প্ৰথম পাঁচ গৰাকী সফল শিক্ষাৰ্থীলৈ ট্ৰাষ্টে নিৰ্ধাৰণ কৰা ধনৰাশি আৰু মানপত্ৰ প্ৰদান কৰা হ’ব।পূৰ্বে নিৰ্ধাৰিত কৰা ধৰণেৰে ক্ৰে নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়. শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়(কালুবাৰী)আৰু পলাহৰটাৰী স্থিত এফ এ আহমেদ হাইস্কুলত আজি দিনৰ ১১ বজাৰ পৰা এই পৰীক্ষা অনুষ্ঠিত হয়।উল্লেখ্য যে পৰীক্ষাৰ বাবে কোনোধৰণৰ ভৰ্ত্তিমাচুল লোৱা হোৱা নাই, আগতীয়াকৈ পৰীক্ষাৰ্থীৰ নাম পঞ্জীযনৰ ভিত্তিত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী তিনিওটা পৰীক্ষা কেন্দ্ৰতেই ভিৰ কৰা পৰিলক্ষিত হয়।
পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাত “প্ৰজ্ঞা” প্ৰতিভা সন্ধানী পৰীক্ষাৰ আহ্বায়ক
ড০ অপূৰ্ব ঠাকুৰীয়া. নগৰবেৰা উঃ মাঃ বিদ্যালয়ৰ অধ্যক্ষ ধনেশ্বৰ দাসকে আদি কৰি সকলোৱে সন্তোষ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *