...

ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে ৰন্ধন গেছ যোগান !

ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে ৰন্ধন গেছ যোগান !

ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিদ্যালয়ৰ কাষতে মুকলিকৈ গেছ বিতৰণৰ গুৰুতৰ অভিযোগ

চাইন অন ডেস্ক,৯জুলাই:

ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে ৰন্ধন গেছ যোগান! সকলো নীতি-নিয়মক বৃদ্ধাংগুলি দেখুৱাই বীৰ দৰ্পে চলাই নিছে ব্যৱসায়।অসামৰিক খাদ্য আৰু যোগান বিভাগো যেন নিমাত।ডিব্ৰুগড় জিলাৰ বৰবৰুৱা এটি অন্যতম গুৰুত্বপূৰ্ণ তথা প্ৰসিদ্ধ বৃত্তৰ অঞ্চল।এই সমগ্ৰ অঞ্চলটোৰ ৰাইজক ৰন্ধন গেছ যোগান ধৰাৰ একমাত্ৰ দায়িত্বত আছে বৰবৰুৱাস্থিত মেৰ্চাছ বৰবৰুৱা ইণ্ডিয়ান এজেঞ্চি। কিন্তু বৰ্তমান এই এজেঞ্চিটোৰ বিৰুদ্ধে জনাঞ্চলৰ সুৰক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে আওকাণ কৰি ৰন্ধন গেছ বিতৰণ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে।প্ৰাপ্ত অভিযোগ অনুসৰি, লেপেটকটা আৰু বৰবৰুৱা জিৰ’ পইণ্টৰ ৫২ (বি) নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত বৰবৰুৱা ইণ্ডিয়ান এজেঞ্চিয়ে দীৰ্ঘদিন ধৰি ৰন্ধন গেছ কঢ়িওৱা গাড়ীসমূহ পাৰ্কিং কৰি আহিছে।কেৱল সিমানেই নহয়, পৰৱৰ্তী সময়ত কোনো নিয়ম-নীতি নোলোৱাকৈয়ে এই ব্যস্ততাপূৰ্ণ স্থানৰ পৰাই মেজিক আৰু টেম্পুৰ জৰিয়তে বিভিন্ন অঞ্চললৈ হোম ডেলীভাৰীৰ বাবে গেছ চিলিণ্ডাৰসমূহ প্ৰেৰণ কৰা হয়।স্থানীয় ৰাইজে অভিযোগ কৰা মতে, একেবাৰে মুকলিকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আৰু ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা এখন বিদ্যালয়ৰ নিচেই ওচৰত এনেদৰে বিপদজনকভাৱে গ্ৰাহকক গেছ চিলিণ্ডাৰ বিতৰণ কৰি থকা হৈছে।সচেতন ৰাইজে চৰম উদ্বেগ প্ৰকাশ কৰি কয় যে ৫২ (বি) ৰাষ্ট্ৰীয় ঘাইপথটো অত্যন্ত ব্যস্ততাপূৰ্ণ। যিকোনো মুহূৰ্ততে সৰু-বৰ দুৰ্ঘটনা ঘটিব পৰা এই স্থানত পথচাৰী বা স্থানীয় বাসিন্দাৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ জন সুৰক্ষা ব্যৱস্থা নোলোৱাকৈ এজেঞ্চিয়ে নিজৰ ব্যৱসায় চলাই গৈছে। বিস্ফোৰক সঁজুলি সদৃশ ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ এনেদৰে মুকলি মনেৰে বিতৰণ কৰি থকা কাৰ্যই এক ভয়ংকৰ বিপদৰ সংকেত বহন কৰিছে। বৰবৰুৱা ইণ্ডিয়ান এজেঞ্চিৰ কৰ্মচাৰীসকলৰ এনে দায়িত্বহীন কৰ্মকাণ্ডই এতিয়া সচেতন ৰাইজৰ চকু কপালত তুলিছে। স্থানীয় ৰাইজে এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক অনতিবিলম্বে হস্তক্ষেপ কৰিবলৈ আৰু জন সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *