চাহ বাগিচাৰ মাটিত স্কুল নিৰ্মাণক লৈ উত্তপ্ত পৰিস্থিতি
বাগৰীয়াক কঠোৰ সকীয়নি চাহ জনগোষ্ঠী আদিবাসী ভূমি সুৰক্ষা সমিতিৰ
চাইন অন ডেস্ক,৯জুলাইঃ
ডিব্ৰুগড়ৰ বিহিয়াটিং চাহ বাগিচাৰ মাটিত স্কুল নিৰ্মাণক কেন্দ্ৰ কৰি আজি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। ২০০৪ চনত এক চুক্তিৰ ভিত্তিত দান কৰা মাটিত নিৰ্মাণ হ’বলগীয়া শিক্ষা প্ৰতিষ্ঠানত স্থানীয় চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা নকৰাক লৈ আজি ডিব্ৰুগড়ৰ দাইনিজানত চাহ জনগোষ্ঠী আদিবাসী ভূমি সুৰক্ষা সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে বিশিষ্ট উদ্যোগী তথা বিদ্যালয় কৰ্তৃপক্ষ মহাবীৰ বাগৰীয়াৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চাহ জনগোষ্ঠী আদিবাসী ভূমি সুৰক্ষা সমিতিৰ নেতা সম্ভূ তাঁতীয়ে
জানিবলৈ দিয়ামতে, ২০০৪ চনত বিহিয়াটিং চাহ বাগিচাৰ মাটি দান কৰাৰ সময়ত ছাত্ৰ সংগঠন আৰু মালিকপক্ষৰ মাজত এখন চুক্তি হৈছিল। চুক্তি অনুযায়ী, উক্ত মাটিত কোনো শিক্ষা প্ৰতিষ্ঠান গঢ়ি উঠিলে স্থানীয় ল’ৰা-ছোৱালীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা আছিল। কিন্তু ২০০৬ চনৰ পৰাই কৰ্তৃপক্ষই এই চুক্তি পাহৰি যোৱাৰ অভিযোগ উঠিছে। বাৰে বাৰে যোগাযোগ কৰাৰ পিছতো মহাবীৰ বাগৰীয়াই কোনো গুৰুত্ব নিদিয়াৰ লগতে নিজক ‘ডিব্ৰুগড়ৰ চিএম’ বুলি ভাবি স্থানীয় লোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে। ইফালে বিদ্যালয়খনৰ বৈধতাক লৈ জিলা উপায়ুক্তক তদন্তৰ দাবী জনাই কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে৷ চাহ বাগিচাৰ বাবে আৱণ্টিত মাটি কেনেকৈ শিক্ষানুষ্ঠানৰ বাবে শ্ৰেণী পৰিৱৰ্তন কৰা হ’ল, তাক লৈ প্ৰশ্ন উঠিছে। নিয়ম অনুসৰি চিবিএছচি স্কুল স্থাপন কৰিবলৈ ৬ বিঘা মাটিৰ প্ৰয়োজন, কিন্তু জালুকপাৰাত ডেৰ বিঘা মাটিত কেনেকৈ চিবিএছচি স্কুল খোলাৰ অনুমতি পালে, তাক লৈ সন্দেহ প্ৰকাশ কৰা হৈছে। অলাভজনকভাৱে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে ট্ৰাষ্ট চলিব লাগে যদিও এই ট্ৰাষ্টটো সম্পূৰ্ণ অবৈধ বুলি দাবী কৰিছে চাহ জনগোষ্ঠীয় নেতা সম্ভূ তাঁতীয়ে৷ ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি যিকোনো স্কুলৰ ওচৰ-পাজৰৰ ৩০ শতাংশ দৰিদ্ৰ শ্ৰেণীৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়াৰ নিয়ম আছে, যাৰ সম্পূৰ্ণ উলংঘা হৈছে মহাবীৰ বাগাৰীয়া মালিকনাধীন শিক্ষানুষ্ঠানখনে৷ স্থানীয় নেতৃত্বই স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ পূৰ্বপুৰুষে দুশ বছৰ পূৰ্বে জংঘল চাফা কৰি এই অঞ্চলত বাস কৰি আহিছে, গতিকে মাটিৰ ওপৰত
তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁলোকে কৰ্তৃপক্ষক সকীয়নি দি কয়, নিৰ্মীয়মান বিল্ডিঙৰ ৫০ শতাংশ অধিকাৰ স্থানীয় লোকক দিব লাগিব। তদুপৰি বিল্ডিঙৰ ওপৰৰ মহলাত বিশ্ববিদ্যালয়ত পঢ়ি থকা চাহ জনগোষ্ঠী আৰু আদিবাসী ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ ব্যৱস্থা কৰা, বিদ্যালয়ৰ পৰিচালনা কমিটিত (আগ্ৰাসন একাডেমী কমিটি)ত চাহ জনগোষ্ঠীৰ যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব। চাহ জনগোষ্ঠীয় নেতা সম্ভূ তাঁতীয়ে কয় যে, আমাক আপোনাৰ ব্যৱসায়িক স্কুল নালাগে। চৰকাৰী মাটিত চৰকাৰী স্কুল খোলক। আমাৰ তাত শিক্ষাৰ অভাৱৰ বাবেই অপৰাধমূলক কাৰ্যকলাপ বাঢ়িছে বুলি আপোনালোকে বদনাম দিয়ে, অথচ শিক্ষা বিচাৰিলে আমাক অৱহেলা কৰে। সাহস আছে যদি মহাবীৰ বাগৰীয়াই ইয়াত আহি আমাক ফেচ কৰক। ইফালে সংগঠনটোৰ দাবীসমূহ পূৰণ নকৰিলে উক্ত বিল্ডিঙৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ লগতে ইয়াক উঠাই দিয়াৰ হুংকাৰ দিয়া হৈছে।
Like this:
Like Loading...