নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত জামলাই পথাৰত আজি পুৱাৰ ভাগতে মালবাহী ট্ৰাক এখন পিছল পথত চকা পিছলি পথৰ দাঁতিত লুটি খাই পৰে।মাকৈ ভৰ্ত্তি ট্ৰাক খন নগৰবেৰাৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় যদিও চালক ,হেণ্ডিমেনে দুয়ো কথমপি কথমপি ৰক্ষা পৰে।দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এএছ-১৮-চি-৪৪৬১, নগৰবেৰাৰ পৰা ব্যৱসায়ীয়ে কিনি ৰখা মাকৈ বহিঃৰাজ্যলৈ কঢ়িয়াব গৈ দুৰ্ঘটনাত পতিত হয় বাহনখন আৰু বাহনত থকা মাকৈবোৰ অ’ত-ত’ত সিঁচৰিত হৈ পৰে।খৱৰ পাই নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাস সহ আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় । জৰাজীৰ্ণ পকী পথৰ বিধ্বস্ত অৱস্থাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় লোকে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.