“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ সামুদ্রিক কর্মশক্তি শক্তিশালী হোৱাৰ লগে লগে আইএমইউ-এ বিশ্বমানৰ সামুদ্রিক শিক্ষাৰ আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে” : সৰ্বানন্দ সোণোৱাল
“২০১৪ চনৰ তুলনাত আইএমইউ-চিইটিৰ পঞ্জীয়নত পাঁচগুণ বৃদ্ধি, মোদী চৰকাৰৰ অধীনত ভাৰতৰ সামুদ্রিক শিক্ষাৰ প্ৰতি বৰ্ধিত আস্থাৰ প্ৰতিফলন” : সৰ্বানন্দ সোণোৱাল
নতুন দিল্লী, ৬ জুলাই, ২০২৬:
বিগত ১২ বছৰত ভাৰতৰ সামুদ্রিক শিক্ষা ব্যৱস্থাই এক বৈপ্লৱিক ৰূপান্তৰৰ সাক্ষী হৈছে৷ ভাৰতীয় সামুদ্রিক বিশ্ববিদ্যালয়ে (IMU) বিশ্বৰ শীৰ্ষ সামুদ্রিক বিশ্ববিদ্যালয়সমূহৰ অন্যতম হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে দেশৰ সামুদ্রিক ক্ষেত্ৰৰ দীৰ্ঘম্যাদী লক্ষ্যৰ সৈতে সংগতি ৰাখি উদ্যোগ – সহযোগিতা, গৱেষণা, উদ্ভাৱন আৰু দক্ষ কর্মশক্তি গঠনত গুৰুত্বপূৰ্ণ অগ্রগতি সাধন কৰিছে। আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়।এই উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আইএমইউ এটা কেৱল পাঠ্যক্রমভিত্তিক প্ৰতিষ্ঠানৰ পৰা গৱেষণা, উদ্ভাৱন আৰু উদ্যোগ-সহযোগিতাক গুৰুত্ব দিয়া আধুনিক সামুদ্রিক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হৈছে। সামুদ্রিক উদ্যোগৰ সৈতে ঘনিষ্ঠ সম্পৰ্কই একেদৰে পাঠ্যক্ৰমসমূহক খণ্ডটোৰ বিকাশৰ প্ৰয়োজনীয়তাৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰাৰ 
সৰ্বানন্দ সোণোৱালে কয় যে বিগত ১২ বছৰত ভাৰতীয় সামুদ্রিক বিশ্ববিদ্যালয়ে বিশ্বৰ শীর্ষ ১০খন সামুদ্রিক বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰাৰ লগতে ভাৰতৰ সৰ্বোচ্চ স্থানপ্রাপ্ত সামুদ্রিক বিশ্ববিদ্যালয় হিচাপে আত্মপ্ৰকাশ কৰিছে। ই সামুদ্রিক শিক্ষা শক্তিশালীকৰণ আৰু বিশ্বমানৰ প্ৰতিষ্ঠান গঢ়ি তোলাৰ ক্ষেত্ৰত মোদী চৰকাৰৰ ৰূপান্তৰমুখী দৃষ্টিভংগীৰ প্ৰতিফলন। তেওঁ কয় যে পাঠ্যক্ৰম-কেন্দ্ৰিক প্ৰতিষ্ঠানৰ পৰা গৱেষণা, উদ্ভাৱন আৰু উদ্যোগ-সহযোগিতাৰ কেন্দ্ৰ হিচাপে বিশ্ববিদ্যালয়খনৰ বিকাশে ভৱিষ্যত-উপযোগী সামুদ্রিক কর্মশক্তি গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতি স্পষ্ট কৰিছে৷ লগতে, বিশ্ববিদ্যালয়খনে উদ্যোগৰ চাহিদাৰ সৈতে সামঞ্জস্য ৰাখি নিজৰ একাডেমিক পাঠ্যক্রমসমূহ উন্নীত কৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ লক্ষ্যসমূহো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। সামুদ্রিক শিক্ষাৰ প্ৰতি বঢ়া আগ্ৰহৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে আইএমইউৰ সাধাৰণ প্ৰৱেশ পৰীক্ষা (IMU-CET)-ৰ পঞ্জীয়ন ২০১৪ চনৰ ১৪,৭৫১ ৰ পৰা বৃদ্ধি পাই ৭৩,৩৯৫ লৈ উন্নীত হৈছে। লগতে ছোৱালী কেডেটৰ নামভৰ্তিত ১৮ গুণ বৃদ্ধি ঘটাক তেওঁ সামুদ্রিক খণ্ডক অধিক অন্তৰ্ভুক্তিমূলক আৰু সুলভ কৰি তোলাৰ এক উল্লেখযোগ্য সফলতা বুলি অভিহিত কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত দশকত উদ্যোগ- সহযোগিতাও যথেষ্ট বিস্তৃত হৈছে। ২০২১ চনৰ পৰা বিশ্ববিদ্যালয়খনে ২২টা ঘৰুৱা আৰু ৪টা আন্তঃৰাষ্ট্ৰীয় উদ্যোগ অংশীদাৰিত্ব, লগতে ২০টা ঘৰুৱা আৰু ১৪টা আন্তঃৰাষ্ট্ৰীয় একাডেমিক সহযোগিতা স্থাপন কৰি নিজৰ বৈশ্বিক একাডেমিক আৰু উদ্যোগ নেটৱৰ্ক অধিক শক্তিশালী কৰিছে।
সোণোৱালে আৰু কয়, “ভাৰতৰ সামুদ্রিক ভৱিষ্যতৰ মূল ভেটি হৈছে মানৱ সম্পদ। মাননীয় প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি এনে এক শক্তিশালী পৰিৱেশ গঢ়ি তুলিছোঁ য’ত ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান, জাহাজ নিৰ্মাণ কাৰখানা, শিক্ষানুষ্ঠান আৰু উদ্যোগসমূহে একেলগে কাম কৰি বিশ্বমানৰ কৰ্মশক্তি সৃষ্টি কৰিছে। এই কর্মশক্তিয়েই ভাৰতৰ জাহাজ নিৰ্মাণৰ আকাঙ্ক্ষাক আগুৱাই নিয়াৰ লগতে ‘মেৰিটাইম অমৃত কাল ভিছন ২০৪৭’ বাস্তৱায়িত কৰিব।”
ভাৰতক বিশ্বমানৰ জাহাজ নির্মাণ শক্তিকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত দক্ষ মানৱ সম্পদক মূল চালিকা শক্তি বুলি উল্লেখ কৰি সোণোৱালে কয় যে সামুদ্রিক শিক্ষা, ব্যৱহাৰিক প্ৰশিক্ষণ আৰু উদ্যোগমুখী দক্ষতা বিকাশত অব্যাহত বিনিয়োগেই 
সৰ্বানন্দ সোণোৱালে কয়, “আইএমইউৰ পৰৱৰ্তী বিকাশৰ ধাপ বিশ্বমানৰ আন্তঃগাঁথনি, আধুনিক গৱেষণা আৰু ভৱিষ্যত-উপযোগী দক্ষতা বিকাশৰ ওপৰত নিৰ্ভৰশীল হ’ব৷ আমি মুম্বাই প’ৰ্ট আৰু কলকাতা প’ৰ্ট কেম্পাছসমূহ আধুনিকীকৰণ কৰিম, জাহাজ নির্মাণ আৰু সামুদ্রিক দক্ষতাৰ ক্ষেত্ৰত উৎকর্ষ কেন্দ্ৰ (COE) স্থাপন কৰিম, উদ্যোগ আৰু বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সৈতে গৱেষণা সহযোগিতা অধিক শক্তিশালী কৰিম আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত বিশেষ প্রশিক্ষণ আৰম্ভ কৰিম। ‘ মেৰিটাইম অমৃত কাল ভিছন ২০৪৭’ -ৰ সৈতে সংগতি ৰাখি এই পদক্ষেপসমূহে ভাৰতক সামুদ্রিক শিক্ষা, উদ্ভাৱন আৰু দক্ষ কর্মশক্তিৰ বৈশ্বিক কেন্দ্ৰ হিচাপে অধিক শক্তিশালী কৰি তুলিব।”
সোণোৱালে সকলো অংশীদাৰক অধিক তৎপৰতাৰে একেলগে কাম কৰাৰ আহ্বান জনাই কয় যে ভাৰতৰ সামুদ্ৰিক আৰু জাহাজ নিৰ্মাণ লক্ষ্য পূৰণৰ বাবে চৰকাৰ, শিক্ষাক্ষেত্ৰ আৰু উদ্যোগৰ মাজত সমন্বিত প্ৰচেষ্টা অত্যন্ত জৰুৰী।