...

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবী

১১ জুলাইত ডিব্ৰুগড়ত নাগৰিক অভিৱৰ্তন

চাইন অন ডেস্ক,৬জুলাই:

ডিব্ৰুগড় মহানগৰত বছৰ বছৰ ধৰি সংঘটিত হৈ অহা ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ১১ জুলাইত ডিব্ৰুগড়ত এখন বৃহৎ ‘নাগৰিক অভিৱৰ্তন’ অনুষ্ঠিত হ’ব। জাতীয় যুৱ মঞ্চ, অসমৰ উদ্যোগত আয়োজন কৰা এই অভিৱৰ্তন ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত আজি
এই সন্দৰ্ভত এক সংবাদ মেলৰ জৰিয়তে এই নাগৰিক অভিবৰ্তনত ডিব্ৰুগড়ৰ সকলো সচেতন নাগৰিক, বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি আদিৰ উপস্থিত কামনা কৰিছে। এসময়ত ১৮৮০ চনত ব্ৰিটিছসকলে স্থাপন কৰা ডিব্ৰুগড় নগৰী ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত দীৰ্ঘদিন ধৰি সংকটৰ সন্মুখীন হৈ আহিছে। ঐতিহাসিক, শৈক্ষিক, চিকিৎসা, বাণিজ্যিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ডিব্ৰুগড় নগৰত বৰ্তমানো গৰাখহনীয়াৰ ভয়াৱহ ভাবুকিৰ মাজতে আছে। বিশেষকৈ ডিব্ৰুগড় নগৰৰ বহু ওপৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল গঢ়াখহনীয়াই ইতিমধ্যে সুৰক্ষা বান্ধত লাগিছেহি। বৰ্তমান মাইজানৰ পৰা আইথানলৈক অব্যাহত থকা গঢ়াখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে আঁচনি পাছত আঁচনি গ্ৰহণ কৰিছে যদিও প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই।বছৰ বছৰ ধৰি চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিলেও সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ফলত ডিব্ৰুগড়বাসীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। সেয়ে ইয়াৰ স্থায়ী সমাধান সূত্ৰ বিচাৰি জনসাধাৰণ, বুদ্ধিজীৱী, ছাত্ৰ-যুৱ সমাজ, সামাজিক সংগঠন তথা সকলো সচেতন নাগৰিকক উক্ত নাগৰিক অভিৱৰ্তনত উপস্থিত থাকি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত একত্ৰিত হোৱাৰ আহ্বান জনাইছে।
উল্লেখযোগ্য যে, এই কাৰ্যসূচীত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম টাই আহোম যুৱ পৰিষদ, চুতীয়া যুৱ সন্মিলন, ব্ৰহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও জাতীয়-জনজাতীয় সংগঠনে সহযোগিতা আগবঢ়াইছে। সংবাদমেলত মুখ্য আহ্বায়ক উদয় শংকৰ মহন, আহ্বায়ক বুধিন সোনোৱাল,সুব্ৰত শৰৎ হাজৰিকা,নিৰ্মল কান্তি শীল, দিব্যজ্যোতি গগৈ সহ বিষয়ববীয়া সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *