...

ডিব্ৰুগড়ত যুটীয়া অভিযানত ৬৫ বস্তা গুটখা কঢ়িযাই নিয়া ট্ৰাক জব্দ

ডিব্ৰুগড়ত যুটীয়া অভিযানত ৬৫ বস্তা গুটখা কঢ়িযাই নিয়া ট্ৰাক জব্দ

চাইন অন ডেস্ক,৩জুলাই:

অবৈধ সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ অংশ হিচাপে ডিব্ৰুগড়ত নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ প্ৰাঞ্জিল গগৈৰ নেতৃত্বত ৰাজ্যিক জিএছটি বিভাগৰ দল আৰু গাভৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগিতাত এক যুটীয়া অভিযান চলোৱা হয়। অভিযানকালত পূব বানীপূৰৰ সমীপত ৬৫ বস্তা “চিগনেচাৰ” ব্ৰেণ্ডৰ গুটখা কঢ়িয়াই নিয়া এখন ট্ৰাক আটক কৰি তালাচী চলোৱা হয়। তদন্তত পোহৰলৈ আহে যে গুটখাখিনি কোনো বৈধ জিএছটি ই-ৱে বিল অবিহনে সৰবৰাহ কৰা হৈছিল। ইয়াৰ পিছতে, অবৈধ সামগ্ৰীসহ ট্ৰাকখন তাৎক্ষণিকভাৱে জব্দ কৰা হয়। ঘটনাটোৰ সৈতে জড়িত সংশ্লিষ্ট পক্ষসমূহৰ বিৰুদ্ধে প্ৰযোজ্য আইনৰ ধাৰাসমূহ অনুসৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *