...

ভাৰত ভ্ৰমণ কেতিয়া সুনীতাৰ ?

Spread the love

ভাৰত ভ্ৰমণ কেতিয়া সুনীতাৰ ?

সংবাদ মাধ্যমৰ আগত জনালে সুনীতা উইলিয়ামছে

আহি আছে সুনীতা উইলিয়ামছ !

 

হায়দৰাবাদ: মহাকাশৰ পৰা উভতি আহি প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমক সম্বোধন কৰে ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰে । আমেৰিকাত বসবাস কৰিও সুনীতা উইলিয়ামছৰ ভাৰতৰ প্ৰতি প্ৰেম আছে বুলি জনায় সংবাদ মাধ্যমযোগে । দেশখনৰ সমান্তৰালভাৱে ইয়াৰ গণতান্ত্ৰিক ব্যৱস্থাক লৈ তেওঁ গৌৰৱ অনুভৱ কৰে বুলি জনায় । সোমবাৰে মহাকাশচাৰী সুনীতা উইলিয়ামছে সংবাদ মাধ্যমক সম্বোধন কৰিছিল আৰু এই সময়ত তেওঁৰ মুখত শুনিবলৈ পোৱা অন্যতম এটা শব্দ আছিল ভাৰত ৷

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশযানখন পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইল’ন মাস্কক ধন্যবাদ জনায় সুনীতা উইলিয়ামছে । দুয়োগৰাকী মহাকাশচাৰীয়ে মহাকাশচাৰীৰ সুৰক্ষাৰ প্ৰতি নাছাৰ দায়বদ্ধতাৰ ওপৰত আস্থা প্ৰকাশ কৰে ।

ভাৰত সন্দৰ্ভত মহাকাশচাৰী সুনীতা

সম্প্ৰতি ভাৰত ভ্ৰমণৰ সম্ভাৱনীয়তাৰ কথা সংবাদ মাধ্যমৰ আগত মুকলিকৈ কৈছে উইলিয়ামছে । ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কয়, “মই আশা কৰিছো যে মোৰ পিতৃৰ দেশ আৰু লগতে পৰৱৰ্তী এক্সিয়াম অভিযানত যোৱা ভাৰতীয় নাগৰিকসকলকো লগ পাম । আশা কৰো এদিন সকলোকে লগ পাম আৰু আমাৰ অভিজ্ঞতাৰ ভাগ-বতৰা কৰিব পাৰিম । মহাকাশ ক্ষেত্ৰত প্ৰৱেশ কৰা ভাৰত এখন মহান দেশ । আমি ইয়াৰ অংশ হ’বলৈ আৰু তেওঁলোকক সহায় কৰিবলৈ পালে ভাল পাম ।”

তেওঁ লগতে কয়, “মহাকাশৰ পৰা হিমালয় আৰু ভাৰতৰ অন্যান্য প্ৰান্তৰ ৰংবোৰ দেখি আচৰিত হৈছিল । দিনে নিশাই ভাৰতক দেখাটো এক অনন্য অভিজ্ঞতা আছিল ।” অৱশ্যে তেওঁলোকে ভাৰত ভ্ৰমণ কেতিয়া কৰিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই ।

ভাৰতৰ সৈতে সুনীতাৰ সম্পৰ্ক কি ?

সুনীতা উইলিয়ামছ ভাৰতীয় মূলৰ এগৰাকী আমেৰিকান মহাকাশচাৰী । ভাৰতৰ সৈতে তেওঁৰ সম্পৰ্ক গভীৰ । ১৯৬৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত আমেৰিকাৰ অহাইঅ’ত জন্মগ্ৰহণ কৰিছিল সুনীতাই । তেওঁৰ পিতৃ দীপক পাণ্ডিয়া গুজৰাটৰ আহমেদাবাদৰ ।২০০৭ আৰু ২০১৩ চনত মহাকাশ অভিযানৰ পিছত এই গাঁওখন ভ্ৰমণ কৰিছিল সুনীতাই । এতিয়া সুনীতা উইলিয়ামছে অতি সোনকালে পুনৰ ভাৰত ভ্ৰমণ কৰিব বুলি জনাইছে । তেওঁৰ মাতৃ স্লোভেনিয়ান মূলৰ । ১৯৫৭ চনত চিকিৎসা বিজ্ঞানৰ শিক্ষাগ্ৰহণৰ বাবে আমেৰিকালৈ গৈছিল পিতৃ দীপক পাণ্ডিয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *