...

ছেপ্টেম্বৰত উন্মোচন হ’ব সাংবাদিক,ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ স্মাৰক গ্ৰন্থ

ছেপ্টেম্বৰত উন্মোচন হ’ব সাংবাদিক,ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ স্মাৰক গ্ৰন্থ

চাইন অন ডেস্ক,৩০জুনঃ

অসমৰ এগৰাকী প্ৰয়াত বিশিষ্ট সাংবাদিক, সমালোচক, কবি, ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ এখনি স্মাৰক গ্ৰন্থ অহা ৬ ছেপ্টেম্বৰত নাহৰকটীয়াত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হ’ব৷ প্ৰায় সাতশ পৃষ্ঠাৰ এই গ্ৰন্থখনিয়ে সাংবাদিক গৰাকীৰ আলোড়ন সৃষ্টিকাৰী উপন্যাস ‘আৰাকান ইন্টেল’কে ধৰি ছখন মৌলিক গ্ৰন্থৰ লগতে গ্ৰন্থসমূহৰ সমালোচনা আৰু বিভিন্ন কাকত আলোচনী আৰু সামাজিক মাধ্যমত প্ৰকাশিত তেওঁৰ বহুসংখ্যক নিবন্ধ আৰু তেওঁৰ গুণমুগ্ধসকলে জীৱনৰ ভিন্ন দিশ সামৰি আগবঢ়োৱা লেখা আৰু ২৪ পৃষ্ঠাৰ ৰঙীন ফটোও গ্ৰন্থখনে সামৰি ল’ব৷ এই সম্পৰ্কত গ্ৰন্থখনৰ সম্পাদনা সমিতিৰ এখনি সভা যোৱা ২৮ জুনত নাহৰকটীয়াত অনুুষ্ঠিত হয়৷ উক্ত সভাই ৰাজ্যৰ ভিন্ন প্ৰান্তৰ তেওঁৰ গুণমুগ্ধ সকলক বুলন কুমাৰ শইকীয়াৰ স’তে স্মৃতিবিজড়িত ফটো আৰু ইচ্চুক সকলক লেখা অহা জুলাই মাহৰ ৩১ তাৰিখৰ ভিতৰত ratanhazarika560@gmail.com ইমেইলযোগে অথবা ৱাটচআপ যোগে ৮০১১১৮২১১৭ নম্বৰৰ জৰিয়তে গ্ৰন্থখনিৰ সম্পাদকলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *