...

সাজ-পাৰ সম্পৰ্কত সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ সিদ্ধান্ত

সাজ-পাৰ সম্পৰ্কত সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ সিদ্ধান্ত

চাইন অন ডেস্ক,৩০জুনঃ

সোনোৱাল কছাৰী কালছাৰেল ছ’চাইটিয়ে জনজাতিটোৰ পৰম্পৰাগত সাজ-পাৰৰ সম্পৰ্কত আলোচনা কৰি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ২৮ জুনত ডুলীয়াজান অঞ্চলৰ চিৰিংখাট গাঁৱৰ প্ৰেক্ষাগৃহত সভাপতি ভুৱন চন্দ্ৰ বড়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত জনজাতিটোৰ গলবস্ত্ৰ সোণোৱালী, মহিলা আৰু পুৰুষৰ বিভিন্ন সাজ-পাৰৰ বৈশিষ্ট্যৰ সম্পৰ্কত বিশদভাৱে আলোচনা কৰি শীঘ্ৰে জনজাতিটোৰ সকলো জাতীয় সংগঠনৰ যৌথ সভাত এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ সংগঠনটোৰ মুখ্য সচিব ভক্তি প্ৰসাদ সোনোৱালে উদ্দেশ্য ব্যাখ্যা কৰা সভাত এই বিষয়টোৰ উপৰিও বহুৱা নাচক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ লগতে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সভাত উপসভাপতি যোগেশ্বৰ সোনোৱালৰ লগতে সংগঠনটোৰ বিষয়ববীয়া আৰু সদস্য-সদস্যাসকল উপস্থিত থাকে৷ সভাৰ আৰম্ভণিতে চিৰিংখাট গাঁৱৰ ৰাইজ তথা স্থানীয় খেৰেমীয়া সমষ্টিৰ সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ হৈ কাৰ্যবাহী সদস্য ৰিদীপ হাজৰিকাই সংগঠনটোৰ সকলোকে একোখনকৈ সোণোৱালীৰে আদৰণি জ্ঞাপন কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *