...

কৰ্তব্যৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

কৰ্তব্যৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ কৰুণ মৃত্যু

ডিব্ৰুগড়ৰ বাণিপুৰ ৰে’লৱে ষ্টেচনত অঘটন

চাইন অন ডেস্ক,২৯জুনঃ

ডিব্ৰুগড়ৰ বাণিপুৰ ৰে’লৱে ষ্টেচনত কালি এক হৃদয়বিদাৰক আৰু অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। কৰ্তব্যৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল’লে কানাই গাঁৱৰ ২০ বছৰীয়া শ্ৰমিক সুমন শইকীয়া ওৰফে চিন্টু শইকীয়াই। এই ঘটনাই ৰে’লৱে বিভাগৰ সুৰক্ষা ব্যৱস্থা আৰু কৰ্মচাৰীৰ প্ৰতি থকা অৱহেলাৰ স্বৰূপটো উদঙাই দিছে। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া সুমন শইকীয়াই ষ্টেচনটোৰ ৬ নং বা ৭ নং ট্ৰেকত নিজৰ সহকৰ্মীসকলৰ সৈতে ৰে’লৰ শৌচাগাৰ পৰিষ্কাৰ কৰাৰ কামত নিয়োজিত আছিল। তেওঁ ‘ডাইনামিক ৰথলেম কোম্পানী’ নামৰ এক প্ৰতিষ্ঠানৰ অধীনত চাফাই কৰ্মী হিচাপে কৰ্মৰত আছিল। স্থানীয় লোক আৰু সহকৰ্মীসকলৰ অভিযোগ অনুসৰি, কাম কৰি থকা অৱস্থাত ৰে’লৰ শৌচাগাৰৰ পানীৰ লাইন খুলি দিয়াৰ লগে লগে সুমন বিদ্যুৎস্পৃষ্ট হয় আৰু লগে লগে ঘটনাস্থলীতে অচেতন হৈ পৰে। ইফালে এই ঘটনাত ৰে’লৱে কৰ্তৃপক্ষ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ অমানৱীয় আৰু অৱহেলিত দিশটো পোহৰলৈ আহিছে। প্ৰতিষ্ঠানটোৱে শ্ৰমিকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰম হেমাহি কৰিছে বুলি অভিযোগ উত্থাপন হৈছে। ৰে’লৱে বিভাগৰ শীৰ্ষ বিষয়াক প্ৰদান কৰা দাবী পত্ৰ অনুসৰি, শ্ৰমিকসকলৰ সুৰক্ষাৰ বাবে কোনো ধৰণৰ প্ৰয়োজনীয় সা-সৰঞ্জাম যেনে—চ্যেফটি বুট, গ্লোভছ, মাস্ক বা কোনো প্ৰতিফলক জেকেট আদিৰ ব্যৱস্থা কৰা নাছিল। ইয়াৰ উপৰিও, ষ্টেচন চৌহদত কোনো ধৰণৰ জৰুৰীকালীন চিকিৎসা বা এম্বুলেন্সৰ সুবিধা নাছিল। আটাইতকৈ উদ্বেগজনক বিষয়টো হ’ল যে, জীৱন-মৰণৰ সন্ধিক্ষণত থকা সুমনক চিকিৎসালয়লৈ নিবলৈ এখন স্কুটীৰ আশ্ৰয় ল’ব লগা হৈছিল। এই জটিল সময়ত কোনো ৰে’লৱে কৰ্তৃপক্ষ বা ঠিকাদাৰী প্ৰতিষ্ঠানৰ লোক শ্ৰমিকগৰাকীৰ সৈতে চিকিৎসালয়লৈ যোৱা নাছিল, যিয়ে তেওঁলোকৰ দায়িত্বহীনতা আৰু মানৱীয়তাহীনতাক প্ৰতিপন্ন কৰে। ঘটনাটোৰ পাছতে স্থানীয় ৰাইজ আৰু চাফাই কৰ্মীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে সমগ্ৰ বিষয়টো গাপ দিবলৈ অপচেষ্টা চলোৱা হৈছে। অভিযোগ অনুসৰি, ষ্টেচনৰ চিচিটিভি ফুটেজৰ পৰা ১০ চেকেণ্ডৰ এটা গুৰুত্বপূৰ্ণ অংশ নোহোৱা হৈছে, যিয়ে তদন্ত প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ সন্দেহ ওপজাইছে। এই অনাকাংক্ষিত ঘটনাৰ পাছত ভুক্তভোগী পৰিয়াল আৰু স্থানীয় শ্ৰমিকসকলে বিভাগীয় কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ পত্ৰ প্ৰদান কৰে। তেওঁলোকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ হস্তক্ষেপত ঘটনাটোৰ এক উচ্চস্তৰীয় তদন্ত সম্পন্ন কৰাৰ দাবী জনাইছে। ইয়াৰ উপৰিও, মৃত সুমন শইকীয়াৰ পৰিয়ালক তাৎক্ষণিকভাৱে ১০ লাখ টকাৰ অন্তৰ্ৱৰ্তীকালীন সাহায্য আৰু মুঠ ৫০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান

কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। আনহাতে এই ঘটনা অকল সুমন শইকীয়াৰ মৃত্যুতেই সীমাবদ্ধ নহয়, বৰঞ্চ এয়া এক চিষ্টেমিক গাফিলতিৰ ফল বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে। যদি এই কাণ্ড নঘটিলহেঁতেন, তেন্তে ভৱিষ্যতে এনে ধৰণৰ বিপদৰ পৰা আন বহু যাত্ৰী বা কৰ্মী সাৰি গ’লহেঁতেন বুলিও শ্ৰমিকসকলে উল্লেখ কৰিছে। বৰ্তমান এই ঘটনাই সমগ্ৰ ডিব্ৰুগড়ত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে আৰু ৰাইজ তথা চাফাই কৰ্মীসকলে সুমন শইকীয়াৰ পৰিয়ালৰ বাবে ন্যায় বিচাৰি দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *