ব্ৰহ্মপুত্ৰৰ চাপৰিত কয়লা মাফিয়াৰ ৰমৰমীয়া চোৰাং ব্যৱসায়
বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মাহেকীয়া ‘মেনেজ’ ?
চাইন অন ডেস্ক,২৮ জুনঃ
সুৰক্ষিত বনাঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰিৱেশ ধ্বংস কৰি ডিব্ৰুগড় মহানগৰীত চলিছে কাঠ কয়লাৰ এক বৃহৎ ছিণ্ডিকেট। বন বিভাগক ভেঙুচালি কৰি একাংশ কয়লা মাফিয়াই চলাই নিছে এই অবৈধ আৰু পৰিৱেশ বিৰোধী ব্যৱসায়, যাৰ ফলত ভাবুকিৰ সন্মুখীন হৈছে ব্ৰহ্মপুত্ৰৰ পৰিস্থিতি তন্ত্ৰ। ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা জৈৱ-বৈচিত্র্যৰ ভাণ্ডাৰ। এই চাপৰিসমূহ বনৰীয়া ঘোঁৰা, হৰিণ, বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বহুতো বন্য জীৱ-জন্তুৰ মূল বিচৰণস্থলী। অৱশ্যে, কয়লা মাফিয়াসকলে অতি পৰিকল্পিতভাৱে এই চাপৰিৰ সৰু-বৰ গছ কাটি সেইবোৰ দাহ কৰি কাঠ কয়লা প্ৰস্তুত কৰিছে। ইয়াৰ ফলত বন্যপ্ৰাণীৰ আশ্ৰয়স্থল ধ্বংস হোৱাৰ লগতে পৰিৱেশত গুৰুতৰ ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ডিব্ৰুগড় মহানগৰৰ সুৰক্ষা বান্ধৰ সমীপৰ কয়লাঘাট অঞ্চলটোক কেন্দ্ৰ কৰি এই অবৈধ ব্যৱসায় চলি আছে। এই চক্ৰটোৰ সৈতে জড়িত কল বিহাৰী, লাখৌ, সঞ্জয় আৰু গুৰু নামৰ লোকসকলে দীৰ্ঘদিন ধৰি এই অবৈধ কাৰ্যকলাপ নিৰ্বিবাদে চলাই আহিছে। মহানগৰৰ বিভিন্ন প্ৰান্তত এই কাঠ কয়লাসমূহ সৰবৰাহ কৰা হয় আৰু ইয়াৰ পৰা মাফিয়াসকলে বুজন পৰিমাণৰ ধন উপাৰ্জন কৰে। বন বিভাগৰ চকুৰ আগতেই এই প্ৰকৃতি ধ্বংসকাৰী কাৰ্য চলি থকাৰ পিছতো বিভাগীয় মৌনতা ৰহস্যৰ আৱৰ্তত। অভিযোগ অনুসৰি, কয়লা মাফিয়াসকলে প্ৰভাৱশালী মহল আৰু বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মাহেকীয়া ‘মেনেজ’ কৰি এই ব্যৱসায় নিয়াৰিকৈ চলাই গৈছে। স্থানীয় সচেতন ৰাইজে অভিযোগ কৰা অনুসৰি, মাফিয়াৰ এই শক্তিশালী নেটৱৰ্কৰ বাবেই প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। কাঠ কয়লা প্ৰস্তুত কৰিবলৈ গছ দাহ কৰাৰ ফলত পৰিৱেশলৈ প্ৰচুৰ পৰিমাণে কাৰ্বন-ডাই-অক্সাইড আৰু অন্যান্য বিষাক্ত গেছ নিৰ্গত হয়, যিয়ে বায়ুমণ্ডলৰ ক্ষতিসাধন কৰিছে। লগতে, চাপৰিৰ গছ-গছনি কাটি পেলোৱাৰ ফলত নদীৰ খহনীয়া সমস্যাও ক্ৰমান্বয়ে জটিল হৈ পৰিছে। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহ সুৰক্ষিত কৰিবলৈ আৰু এই প্ৰকৃতি ধ্বংসকাৰী কয়লা মাফিয়াৰ চক্ৰটোক উৎখাত কৰিবলৈ শীঘ্ৰে চৰকাৰ আৰু বন বিভাগৰ হস্তক্ষেপ অতি জৰুৰী হৈ পৰিছে। যদি সময় থাকোতেই এই ছিণ্ডিকেট ভাঙিব পৰা নাযায়, তেন্তে ভৱিষ্যতে ডিব্ৰুগড়ৰ পাৰিপাৰ্শ্বিক অৱস্থা আৰু অধিক সংকটজনক হৈ পৰিব।
Like this:
Like Loading...