...

ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

বিপিন শৰ্মা সভাপতি আৰু মনজিৎ বৰা সাধাৰণ সম্পাদক হিচাপে পুনৰ নিৰ্বাচিত

চাইন অন ডেস্ক,২৮জুনঃ

ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখনি আজি সন্থাৰ নিজা কাৰ্যালয় চৌহদত সভাপতি বিপিন শৰ্মাৰ সভাপতিত্বত সফলতাৰে সম্পন্ন হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজিত এই গুৰুত্বপূৰ্ণ সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সাংবাদিকসকলৰ সক্ৰিয় অংশগ্ৰহণে অনুষ্ঠানটোক অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।
সভাত সাংবাদিক সমাজৰ সুৰক্ষা, কল্যাণ আৰু অধিকাৰৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশেষকৈ সাংবাদিক বীমা আঁচনি শীঘ্ৰে প্ৰৱৰ্তন, সাংবাদিক পেঞ্চন ব্যৱস্থা অধিক শক্তিশালীকৰণ আৰু পেঞ্চনৰ সংখ্যা বৃদ্ধি কৰাৰ দাবী জনোৱা হয়।
ইয়াৰ লগতে ডিব্ৰুগড়ৰ সামগ্ৰিক উন্নয়নক কেন্দ্ৰ কৰি বহুতো জনস্বাৰ্থমূলক প্ৰস্তাৱো গৃহীত হয়। বিশেষকৈ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰক শীঘ্ৰে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উন্নীতকৰণ, ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া বৈজ্ঞানিক পদ্ধতিৰে নিয়ন্ত্ৰণ, অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা মান উন্নয়ন, নগৰৰ বাটপথ বহলীকৰণৰ জৰিয়তে যানজঁট সমস্যা সমাধান, দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ৰ আন্তঃগাঁথনি উন্নয়ন ক্ষিপ্ৰতৰ কৰা আৰু অত্যাধুনিক মাল্টি-কাৰ পাৰ্কিং স্থাপনৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত হয়।
সভাত সংগঠনটোৰ সাংগঠনিক ভিত্তি অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে কেইবাটাও সাংগঠনিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। খোৱাং, মৰাণ, লাহোৱাল, ৰাজগড়, টিংখাং, চাবুৱা, বৰবৰুৱা, টেঙাখাত আৰু দুলীয়াজানৰ পৰা অহা প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিনিধি সভাত আগন্তুক কাৰ্যকালৰ বাবে পুনৰ বিপিন শৰ্মাক সভাপতি আৰু মনজিৎ বৰাক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি এখন শক্তিশালী নতুন কমিটি গঠন কৰা হয়।
নতুন কমিটিখনত কাৰ্যকৰী সভাপতি হিচাপে পবিত্ৰ বৰঠাকুৰ, উপ-সভাপতি হিচাপে জয়ন্ত ভূঞা আৰু নৱ কুমাৰ গগৈ, যুটীয়া সম্পাদক হিচাপে কৃষ্ণ গগৈ আৰু মুক্তামণি হাজৰিকা, সহকাৰী সম্পাদক হিচাপে পুস্তক ফুকন আৰু তপোব্ৰত গগৈ, কোষাধ্যক্ষ হিচাপে প্ৰাঞ্জল শইকীয়া আৰু কাৰ্যালয় সম্পাদক হিচাপে হোমেন ফুকনে দায়িত্ব লাভ কৰে। আনহাতে, কাৰ্যনিৰ্বাহক সদস্য হিচাপে জীতেন্দ্ৰ শ্ৰীবাস্তৱ, বাবুল সোনোৱাল, ৰাতুল বুঢ়াগোঁহাই, দিবাকৰ দত্ত, দীনেশ দাস, চন্দন ফুকন, অৰুণ নাগ, বাপন পাল আৰু টমাছ বুঢ়াগোঁহাই নিৰ্বাচিত হয়। সন্থাৰ উপদেষ্টা হিচাপে মনোনীত কৰা হয় জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰগোঁহাই আৰু মনোৰঞ্জন হাজৰিকাক।
উল্লেখযোগ্য যে, সভাৰ আৰম্ভণিতে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু প্ৰয়াত সতীৰ্থসকলৰ স্মৃতিত এক মিনিট মৌনব্ৰত পালন কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোঁহাইয়ে। উদ্বোধনী ভাষণত উপদেষ্টা ৰাজীৱ বৰগোঁহায়ে সন্থাৰ গৌৰৱোজ্জ্বল অতীত, বৰ্তমানৰ প্ৰত্যাহ্বান আৰু আগন্তুক দিনৰ কৰণীয় সন্দৰ্ভত বিশদ আলোচনা আগবঢ়ায়।
সভাত উপস্থিত সদস্যসকলে সংগঠনটোৰ ভৱিষ্যৎ কাৰ্যপন্থা আৰু সাংবাদিক সমাজৰ উন্নয়নৰ বাবে বিভিন্ন গঠনমূলক মতামত আগবঢ়ায়। নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক মনজিৎ বৰাৰ শলাগৰ শৰাইৰে সভাৰ সফল সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *