...

বাঘবৰত লুইতৰ বুকুত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

বাঘবৰত লুইতৰ বুকুত ভয়ংকৰ নাওঁ দুৰ্ঘটনা

২৫ জন লোকৰ কথমপি প্ৰাণ ৰক্ষা

বাঘবৰ,২৮জুন :

বাঘবৰৰ দলাগাওঁ চৰত সংঘটিত হৈছে এক ভয়ংকৰ নাওঁ দুৰ্ঘটনা। আজি পুৱা ব্ৰহ্মপুত্ৰ নৈৰে বৌহতি পাৰ ঘাটৰ পৰা বাঘবৰ বজাৰ লৈ আহোতে ব্ৰহ্মপুত্ৰ নদীৰ মাজমজিয়াত দলাগাওঁ চৰাত সংঘটিত হয় এই ভয়াৱহ নাওঁ দুৰ্ঘটনাৰ।বাঘবৰ থানাৰ অন্তৰ্গত দলাগাওঁ চৰৰ সমিপৰ সামগ্ৰী ভৰ্তি এখন যন্ত্ৰচালিত নাওঁ হঠাতে ডুব যোৱাৰ ফলত ব্ৰহ্মপুত্ৰ মাজ নদীত সৃষ্টি হৈছে হুৱাদুৱা।
জানিব পৰা মতে, বৌহতি পাৰঘাটৰ পৰা সামগ্ৰী ভৰ্তি কৰি বাঘবৰ বজাৰত আহি থকা অৱস্থাত দলাগাওঁ চৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ নাওঁ দুৰ্ঘটনা।
নাওঁখনত থকা নাৱৰীয়াসহ ২৫ জনৰ অধিক লোক আছিল যদিও কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ।
নাওঁখনত অত্যধিক কঁঠাল, আনাৰশ,মাছ,আৰু অন্যান্য সা-সামগ্ৰী ভৰ্তি আছিল
দুৰ্ঘটনাত নাওঁখনত থকা বৃহৎ পৰিমাণৰ সামগ্ৰী নদীৰ পানীত তলিয়াই যোৱাৰ আশংকা কৰা হৈছে।
দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰবল সোঁত অথবা অধিক বোজাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
পিছত ঘটনাস্থলীত বাঘবৰ আৰক্ষী,জল পৰিবহণৰ কৰ্মচাৰী ,আৰু বাঘবৰ বজাৰ কমিটিৰ সহযোগত নাওঁ সহ আটাইকেজন যাত্ৰী উদ্ধাৰ কৰি বাঘবৰ থানাৰ সন্মুখত লৈ আহে।ইতিমধ্যে বাঘবৰ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *