...

ডিব্ৰুগড়ত দাম্পত্য কলহৰ ভয়ংকৰ পৰিণতি

ডিব্ৰুগড়ত দাম্পত্য কলহৰ ভয়ংকৰ পৰিণতি

 

পত্নীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা, পিছত স্বামীৰ আত্মহত্যাৰ চেষ্টা

চাইন অন ডেস্ক,২৭জুন :

ডিব্ৰুগড় চহৰত পুনৰ এবাৰ পাৰিবাৰিক কলহে ভয়ংকৰ ৰূপ ল’লে। শুকুৰবাৰে দুপৰীয়া স্বামী-স্ত্ৰীৰ মাজত হোৱা বিবাদৰ ফলত এজন স্বামীয়ে এখন চোকা দাৰে পত্নীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰাৰ পিছত নিজেও ডিঙি কাটি আত্মহত্যাৰ চেষ্টা কৰে।
গুৰুতৰভাৱে আহত দুয়োকে আৰক্ষীয়ে তৎক্ষণাত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (এএমচিএইচ)-লৈ প্ৰেৰণ কৰে। চিকিৎসকসকলে জনোৱা অনুসৰি, বৰ্তমান দুয়োৰে অৱস্থা স্থিতিশীল আৰু সংকটমুক্ত।
জানিব পৰা মতে, মহানগৰৰ সন্তোষীমাতা পথৰ বাসিন্দা জয় চৰকাৰ (৪০)ৰ সৈতে প্ৰায় ১৬ বছৰ পূৰ্বে পাঁচালী পাল চৰকাৰ (৩৫)ৰ বিবাহ হৈছিল। দম্পতীহালৰ তিনিগৰাকী কন্যা সন্তান আছে।বিগত কিছুদিন ধৰি পাৰিবাৰিক মতানৈক্যৰ বাবে বিগত প্ৰায় ছয় মাহ ধৰি পাঁচালী সৰু কন্যাক লগত লৈ সন্তোষী মাতা গলিস্থিত মাতৃৰ ঘৰত বাস কৰি আছিল।
শুকুৰবাৰে জয় চৰকাৰে শাহুৱেকৰ ঘৰলৈ গৈছিল। সেই সময়ত দুয়োৰে মাজত কোনো বিষয়ক কেন্দ্ৰ কৰি তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। অভিযোগ অনুসৰি, উত্তেজিত হৈ জয় চৰকাৰে চোকা অস্ত্ৰৰে পত্নীৰ ডিঙিত আঘাত কৰে। পত্নীক ৰক্তাক্ত অৱস্থাত দেখি তেওঁ নিজেও ডিঙি কাটি আত্মহত্যাৰ চেষ্টা কৰে।
ঘটনাৰ খবৰ পাই পাঁচালীৰ ভায়েকে আমোলাপট্টি আৰক্ষী থানাত অৱগত কৰে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি এম্বুলেন্সযোগে এএমচিএইচলৈ প্ৰেৰণ কৰে।
আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, দুয়োৰে জবানবন্দী লোৱাৰ পিছত ঘটনাটোৰ প্ৰকৃত কাৰণ স্পষ্ট হ’ব। প্ৰাথমিক তদন্তত পাৰিবাৰিক কলহেই ঘটনাটোৰ মূল কাৰণ বুলি সন্দেহ কৰা হৈছে।
উল্লেখযোগ্য যে, চলিত মাহত ডিব্ৰুগড়ত স্বামীৰ হাতত পত্নীৰ ওপৰত সংঘটিত এইটো দ্বিতীয়টো গুৰুতৰ আক্ৰমণৰ ঘটনা। ইয়াৰ পূৰ্বে দেউৰী পথ অঞ্চলত এগৰাকী স্বামীয়ে পত্নীৰ চৰিত্ৰ সন্দেহ কৰি শিলেৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰিছিল। ধাৰাবাহিকভাৱে এনে ঘটনা সংঘটিত হোৱাত জিলাখনত বৃদ্ধি পোৱা ঘৰুৱা হিংসা আৰু পাৰিবাৰিক অশান্তিক লৈ উদ্বেগ বৃদ্ধি পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *