...

ডিব্ৰুগড়ৰ বোৱাৰী নিৰুদ্দেশ!

ডিব্ৰুগড়ৰ বোৱাৰী নিৰুদ্দেশ!

 

বেংকলৈ গৈ উভতি নাহিল

চাইন অন ডেস্ক,২৫জুনঃ

ডিব্ৰুগড় জিলাৰ লেপেটকটা আৰক্ষী চকীৰ অন্তৰ্গত পুৰণি বলাই গাঁৱৰ ৰিমজিম সোণোৱাল নামৰ মহিলা গৰাকী যোৱা ২২জুনৰ পৰা নিৰুদ্দেশ হৈ আছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ লেপেটকটা আৰক্ষী চকীৰ অন্তৰ্গত পুৰণি বলাই গাঁৱৰ কিৰণ সোণোৱালৰ পুত্ৰ কিৰিটী সোণোৱালৰ পত্নী ৰিমজিম সোণোৱালে কোটোহাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ শাখালৈ যোৱা ২২জুনত গৈছিল যদিও পুনৰ ঘৰলৈ উভতি নাহিল আৰু উক্ত ২২ জুনৰ পৰাই নিৰুদ্দেশ হৈ আছে ৰিমজিম। ইতিমধ্যে পৰিয়ালৰ লোকে ডিব্ৰুগড় জিলাৰ লেপেটকটা আৰক্ষী চকীত এই সম্পৰ্কে এখন এজাহাৰ দিছে বুলি জানিব পৰা গৈছে।কোনো লোকে কিবা সম্ভেদ পালে 9531037307 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *