...

পিতৃৰ ওপৰত নিৰ্মম অত্যাচাৰ!

পিতৃৰ ওপৰত নিৰ্মম অত্যাচাৰ!

ধুবুৰী সদৰ থানাত এজাহাৰ দুৰ্ভগীয়া পিতৃৰ

ধুবুৰী,২৪জুনঃ

যি পুত্ৰক স্নেহেৰে ডাঙৰ-দীঘল কৰিলে, জীৱনৰ অন্তিম পৰ্যায়ত সেই পুত্ৰৰ হাততেই অত্যাচাৰৰ বলি হ’বলগীয়া হৈছে। চাঞ্চল্যকৰ এই অভিযোগ উত্থাপন কৰিছে ধুবুৰী চহৰৰ এগৰাকী প্ৰায় ৭০ বছৰীয়া বৃদ্ধই। এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ গৰাকীৰ এই অসহায় অৱস্থাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। ধুবুৰী চহৰৰ চি আৰ দাস ৰোডৰ বাসিন্দা ভূক্তভোগী জহৰ সেনগুপ্ত ওৰফে সুব্ৰত সেনগুপ্ত নামৰ সেই বৃদ্ধগৰাকীয়ে আজি বিষয়টো লৈ ধুবুৰী সদৰ থানাত এখন দাখিল কৰা বুলি জানিব পৰা গৈছে । এজাহাৰখনত দূৰ্ভগীয়া পিতৃয়ে তেওঁৰ একমাত্ৰ পুত্ৰ জয়দীপ সেনগুপ্ত আৰু টেট্ শিক্ষয়িত্ৰী তথা বোৱাৰীয়ে দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহা বুলি স্পষ্ট অভিযোগ কৰিছে। এজাহাৰখনত বৃদ্ধগৰাকীয়ে কৃষি বিভাগৰ অধীনত গ্ৰাম সেৱক হিচাপে কৰ্মৰত, পুত্ৰ জয়দীপ সেনগুপ্তই মাতাল অৱস্থাত ঘৰৈ আহি অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে চৰ, ঠেলা-হেঁচা কৰি আক্ৰমণ কৰাৰো অভিযোগ কৰিছে। অভিযোগ অনুসৰি, জয়দীপ পত্নীও স্বামীৰ এনে কাৰ্যত সহায় আৰু উচটনি যোগাই আহিছে। বৃদ্ধগৰাকী দাবী, পূৰ্বেও কেইবাবাৰো আৰক্ষীক বিষয়টো অৱগত কৰা হোৱাৰ পিছত আৰক্ষীৰ উপস্থিতিত মীমাংসাৰ আশ্বাস দিয়া হৈছিল যদিও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই। মাজত দিন কটাবলগীয়া হৈছে। এজাহাৰখনত চলিত বৰ্ষৰ ১৮ জুনতো পুত্ৰ-বোৱাৰী দুয়ো একেলগে বাসগৃহত উপস্থিত হৈ তেওঁক অকথ্য গালি-গালাজ কৰাৰ লগতে মাৰধৰ কৰি মানসিকভাৱে অপমানিত কৰা বুলিও উল্লেখ আছে। তাৰেই পৰিপ্ৰেক্ষিতত নিজৰ জীৱন আৰু সুৰক্ষাক লৈ শংকিত হৈ পৰা বৃদ্ধগৰাকীয়ে আজি দাখিল কৰা এজাহাৰখনত আৰক্ষীৰ ওচৰত দোষীসকলৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ, নিৰপেক্ষ তদন্ত আৰু এজন জ্যেষ্ঠ নাগৰিক হিচাপে সুৰক্ষাৰ ব্যৱস্থা নিশ্চিত কৰাৰ আবেদন জনাইছে। উল্লেখ্য যে, এজাহাৰখনত অসহায় পিতৃয়ে তেওঁৰ পুত্ৰ-বোৱাৰী দুয়ো ধুবুৰীৰ গৌৰীপুৰ চহৰৰ ১১ নং ৱাৰ্ডৰ বাসিন্দা বুলি উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *